কইনা সাজত নচা ভিডিঅ’ ভাইৰেল হোৱা মাৰ্চি বৰাই কিয় কৰিলে আত্মহত্যা, VIDEO

কইনা সাজত নচা ভিডিঅ’ ভাইৰেল হোৱা মাৰ্চি বৰাই কিয় কৰিলে আত্মহত্যা, VIDEO

নিজৰ বিবাহ অনুষ্ঠানত কইনাৰ সাজত নাচি থকা এটা ভিডিঅ' ভাইৰেল হৈছিল। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা সেই ভিডিঅ'ৰ পৰাই পৰিচয় লাভ কৰিছিল মাৰ্চি বৰাই। ভেলেন্টাইন ডে'ৰ দিনাই আত্মহত্যা কৰিলে মাৰ্চিয়ে। কিন্তু কিয়? মৃদুল কুমাৰ সন্দিকৈৰ অনুসন্ধানমূলক প্ৰতিবেদন।

এটা ভাইৰেল ভিডিঅ', প্ৰাণ খুলি নাচিছিল এজনী কইনাই। ব'ৰ বেছি দিনৰ কথা নাছিল সেয়া। এমাহৰ পূৰ্বে অনুষ্ঠিত হৈছিল মাৰ্চি নামৰ এই যুৱতীগৰাকীৰ বিবাহ। হিন্দী গানৰ তালত তাই নাচিছিল। তাইৰ নৃত্যই ছ'চিয়েল মিডিয়াত লাখ লাখ লোকৰ মন মুহিছিল। ইজনৰ পৰা সিজনকৈ বিয়পি পৰিছিল এই ভিডিঅ'। তেতিয়ালৈকে কোনেও জনা নাছিল কোন এই কইনাৰ সাজত নচা নাচনীগৰাকী।

বিবাহ অনুষ্ঠানত উপস্থিত থকা সকলে সুহুৰি বজাই হাত চাপৰি দি উৎসাহিত কৰিছিল কইনা গৰাকীক। সেই সময়ৰ দৃশ্য এয়া।

কোন আছিল এই যুৱতীঃ

পাছলৈ গম পোৱা গৈছিল এই যুৱতীগৰাকীৰ নাম আছিল মাৰ্চি বৰা। স্নাতকোত্তৰ ডিগ্ৰীধাৰী এই যুৱতীগৰাকীৰ ঘৰ আছিল কাৰ্বি আংলঙৰ ডিফুৰ কামপুৰীয়া গাঁৱত। মাতৃ আৰু ভাতৃৰ সৈতে বাস কৰে যুৱতীগৰাকীয়ে।

অত্যন্ত সহজ-সৰল আৰু ফুৰ্তিবাজ মাৰ্চিয়ে ভাল পায় অভিনয় কৰি নৃত্য। সাধাৰণতে নিজৰ বিবাহ অনুষ্ঠানত এনেদৰে কইনাই নচা দৃশ্য দেখিবলৈ পোৱা নাযায়। কিন্তু মাৰ্চি আছিল ব্যতিক্ৰম।

সৰুতে মাৰ্চিয়ে হেৰুৱাইছিল দেউতাককঃ

কাৰ্বি আংলঙৰ ডিফুৰ কামপুৰীয়া গাঁৱত বাস কৰা মাৰ্চি আছিল বন্ধু মহলৰ মাজতো বেচ জনপ্ৰিয়। খুড়াক, মাক, ভায়েকৰ সৈতে বাস কৰা এই যুৱতীগৰাকীৰ মুখখন চালে ধৰিব নোৱাৰি তেওঁ কিমান দুখ বুকুত লৈ জীয়াই আছে। শৈশৱৰ পৰাই সংগ্ৰাম ভৰা এক জীৱনৰ সন্মুখীন হৈছে মাৰ্চি।

সেয়া বহু বছৰৰ আগৰ কথা। তেতিয়া মাৰ্চিহঁত তেনেই অকণমানি। অসমত আলফাৰ বিৰুদ্ধে সেনাৰ অভিযান চলিছিল। মাৰ্চিৰ পিতৃ আছিল স্বাধীনতাৰ সপোন দেখা সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফাৰ নেতা। তেওঁৰ পিতৃৰ নাম বিজয় ফুকন ওৰফে দুলাল বৰা।

বিজয় ফুকন আছিল আলফাৰ মধ্য অসমৰ এগৰাকী নেতা। ২০০৯ চনত অতি ৰহস্যজনকভাৱে বিজয় ফকনৰ মৃতদেহ নলবাৰীত উদ্ধাৰ হৈছিল। তাৰ পিছত বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে মাৰ্চি ডাঙৰ দীঘল হৈছিল। মাৰ্চিৰ মাতৃৰ নাম কবিতা বৰা লস্কৰ।

মাৰ্চি বিয়া হৈছিল প্ৰণৱ বৰাৰ সৈতেঃ

যিটো ভিডিঅ'ত মাৰ্চি নাচি থকা দেখা গৈছিল সেয়া মাৰ্চিৰ বিবাহ অনুষ্ঠানৰ দৃশ্য আছিল। ওচৰৰে প্ৰণৱ বৰাৰ সৈতে মাৰ্চিৰ আছিল দীৰ্ঘদিনীয়া সম্পৰ্ক। তাৰেই অন্তত দুয়ো আবদ্ধ হৈছিল বিবাহপাশত। জীৱনৰ বাবে বহু সপোন দেখিছিল মাৰ্চিয়ে। মাৰ্চিৰ স্বামী প্ৰণৱ বৰা অগ্নিনিৰ্বাপক বাহিনীত কৰ্মৰত। কৰ্মসূত্ৰে তেওঁ থাকে গুৱাহাটীত।

১৪ ফেব্ৰুৱাৰীত কি হৈছিলঃ

শহুৰ-শাহুৰ ঘৰত সুখেৰেই আছিল মাৰ্চি। মাৰ্চিক নিজৰ ছোৱালীৰ দৰে মৰম কৰিছিল প্ৰণৱ বৰাৰ পিতৃ-মাতৃয়ে। ১৪ ফেব্ৰুৱাৰীৰ দুপৰীয়া মাৰ্চি সোমাইছিল নিজৰ কোঠাত। পৰিয়ালৰ আন লোকে ভাৱিছিল মাৰ্চিয়ে হয়তো কিছু সময় বিৰাম লৈছে। সেয়েহে মাৰ্চিক আমনি কৰা নাছিল পৰিয়ালৰ আন লোকে।

আবেলি প্ৰায় ৩.৩০ মান বজাত মাৰ্চিক চাহ খাবলৈ মাতিছিল পৰিয়ালৰ লোকে। মাৰ্চি নুঠাত পৰিয়ালৰ লোকে প্ৰথমে একো সন্দেহ কৰা নাছিল। ভাৱিছিল কানত হেডফোন লৈ কিবা শুনি আছে। কেবাবাৰো জগোৱাৰ অন্তত মাৰ্চিৰ কোঠাৰ খোলা থকা এখন খিড়িকীৰে স্বামী প্ৰণৱ বৰাৰ ভাতৃ অথাৎ মাৰ্চিৰ দেৱৰেকে কোঠাটোৰ ভিতৰলৈ চাইছিল তেতিয়াই দেখা পাইছিল উলমি আছে মাৰ্চি। পৰিয়ালৰ লোকে আন স্থানীয় লোকৰ সহযোগত কোঠাটোৰ দৰ্জা ভাঙি মাৰ্চিক উদ্ধাৰ কৰে যদিও তেতিয়ালৈ বহু পলম হৈ গৈছিল।

মাৰ্চিৰ আত্মীয়ই কি কয়ঃ

মাৰ্চি বৰাৰ আত্মহত্যাৰ ঘটনাই ইতিমধ্যে ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সকলোৰে মুখত এটাই প্ৰশ্ন- সৌ সিদিনাৰ লৈকে হাঁহি তামাচা কৰা ছোৱালীজনীৰ হঠাৎ কি হ'ল? এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ পৰা মাৰ্চিৰ বৰদেউতাকৰ পুত্ৰ বিন্দু বিমল বৰাৰ সৈতে যোগাযোগ কৰা হৈছিল। তেওঁ ক'লে, 'কিয় তাই এনে কৰিলে তাক লৈ আমি আচৰিত হৈছো। স্বামীৰ ঘৰখনে তাইক বৰ মৰমত ৰাখিছিল। ক'ত কি হৈ গ'ল আমি একো ধৰিবই পৰা নাই।' কান্দোনমুৱা হৈ বিন্দু বিমল বৰাই লগতে ক'লে, 'বিশ্বাস কৰিবলৈ টান হৈছে তাই যে নাই।'

আৰক্ষীয়ে কি কয়ঃ মাৰ্চিৰ আত্মহত্যাৰ খবৰ বিয়পি পৰিছে ছ'চিয়েল মিডিয়াত। এই সন্দৰ্ভত আৰক্ষীয়ে বিশেষ মন্তব্য নকৰিলে। জিলাখনৰ এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে যে, আৰক্ষীয়ে অনুসন্ধানৰ অন্ততহে ক'ব পাৰিব ঘটনাৰ বিষয়ে। প্ৰাথমিক অনুসন্ধানত এয়া আত্মহত্যা যেনে লাগিছে বুলি তেওঁ অনানুষ্ঠানিক মন্তব্য কৰে। লগতে তেওঁ জানিবলৈ দিয়ে যে, মৰণোত্তৰ পৰীক্ষাৰ বাবে ১৫ ফেব্ৰুৱাৰীৰ পুৱা ডিফুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে মাৰ্চিৰ মৃতদেহ।

মাৰ্চিৰ স্বামী ঘৰত নাছিলঃ

এই ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰত নাছিল মাৰ্চিৰ স্বামী প্ৰণৱ বৰা। অগ্নিনিৰ্বাপক বাহিনীত কৰ্মৰত প্ৰণৱ বৰা কিছুদিন পূৰ্বে গৈছিল মুম্বাইলৈ। বিভাগীয় এক প্ৰশিক্ষণৰ কাৰ্যসূচীত অংশ ল'বলৈ গৈ মুম্বাইত থকা মাৰ্চিৰ স্বামীক এই ঘটনাৰ পিছতে দিয়া হৈছিল খবৰ। কিন্তু মুম্বাইৰ পৰা সন্ধিয়া গুৱাহাটীমুখী বিমান নথকাত শনিবাৰৰ পুৱা মাৰ্চিৰ স্বামী উভতিছে অসমলৈ।

মাৰ্চিয়ে বনাইছিল টিকটকত ভিডিঅ'ঃ

মৃত্যুৰ পূৰ্বে মাৰ্চিৰ নাছিল কোনো অস্বাভাৱিকতা। টিকটকত মাৰ্চিয়ে ভিডিঅ' আপলোড কৰিছিল মৃত্যুৰ কেইঘন্টামান পূৰ্বে। অৱশ্যে এটা ভিডিঅ'ত মাৰ্চিক উদাস হৈ থকা দেখা গৈছিল। ডিচেম্বৰত বিবাহপাশত আবদ্ধ হৈছিল মাৰ্চি।

কিয় মাৰ্চিয়ে কৰিলে এই কাণ্ডঃ

সৰুতেই দেউতাকক হেৰুওৱা মাৰ্চি মাত্ৰ এমাহৰ পূৰ্বে আবদ্ধ হৈছিল বিবাহপাশত। হাঁহি তামাচা কৰি ভালপোৱা এই ছোৱালীজনীয়ে কিয় শেষ কৰি দিলে নিজক? সেই প্ৰশ্ন এতিয়া সকলোৰে মুখে-মুখে। মাৰ্চিৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত সমগ্ৰ অঞ্চলটোতে নহয়, ৰাজ্যজুৰি শোকৰ বন্যা বৈছে।

চকুৰ আগত ভাহি উঠিছে মাৰ্চিয়ে নিজৰ বিয়াত নচা সৈই ভাইৰেল হোৱা ভিডিঅ'। মাৰ্চিৰ মৃত্যুৰ নিশ্চয় কিবা কাৰণ থাকিব। কিন্তু এই কাৰণহে বিচাৰি উলিয়াব পৰা নাই আত্মীয়-স্বজনে। স্বাভিমানী ছোৱালীজনীয়ে কিয় এই সিদ্ধান্ত ল'লে সেয়া এতিয়া হৈ পৰিছে সকলোৰে বাবে সাঁথৰ।

স্বামীৰ সৈতে মাৰ্চিৰ সম্পৰ্কৰ ক'ৰবাত ঘূণে ধৰিছিল নেকি তাক লৈও সৃষ্টি হৈছে সন্দেহ। কিন্তু ওচৰ-চুবুৰীয়াই ক'ব খোজে স্বামী গৃহত মাৰ্চিক যথেষ্ট মৰম কৰিছিল। তথাপিও কিয় এনে কৰিলে মাৰ্চিয়ে। ছ'চিয়েল মিডিয়াতো এতিয়া চলিছে মাৰ্চিক লৈ এনে চৰ্চা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in