/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/d2d9ed35-b6d8-4524-864d-92af5d7d377d.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ত অনুষ্ঠিত আন্তঃজাতীয় বিদ্যালয় তৰ্ক প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে বৰ্ণিল মেধিয়ে। অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ বৰ্ণিলে প্ৰতিযোগিতাখনত বিপক্ষে ভাগ লৈছিল।
প্ৰতিযোগিতাখনত দ্বিতীয় স্থান লাভ কৰিছে বিশ্বনাথ জিলাৰ হাৱাজানৰ অম্বিকাগিৰি ৰায় চৌধুৰী জাতীয় বিদ্যালয়ৰ সুনন্দিতা বৰুৱা আৰু যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰী কস্তুৰী কংকনা মহন্তই।
তৃতীয় স্থান লাভ কৰে ৰঙাপৰাৰ অংকুৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰী অংকিতা দাস আৰু ডিব্ৰুগড়ৰ ভাদৈ জাতীয় বিদ্যালয়ৰ ছাত্ৰ নয়নজ্যোতি বৰুৱাই। আনহাতে শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে লখিমপুৰ জিলাৰ দলে।
আজিৰ এই তৰ্ক প্ৰতিযোগিতাখনৰ বিষয় আছিল 'ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিব'। প্ৰতিযোগিতাখনত বিচাৰক হিচাপে ভাগ লয় জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা, দিগন্তবিশ্ব শৰ্মা আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ দিগন্ত বুঢ়াগোহাঁই। তৰ্ক প্ৰতিযোগিতাখনত অধ্যক্ষতা কৰে বিশিষ্ট চিন্তাবিদ তথা স্তম্ভ লেখক লক্ষ্মীনাথ তামুলীয়ে।
সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ আৰু সম্পাদক লুৰিণজ্যোতি গগৈয়ে প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰে। প্ৰতিযোগিতাখনত ৰাজ্যৰ ২৩খন জিলাৰ ২৩খন জাতীয় বিদ্যালয়ৰ মুঠ ৪৬গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ভাগ লয়।