/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/c2b833b7-2fc8-4e3a-ba9b-58af681df342.jpg)
ডিজিটেল ডেস্কঃ এতিয়াৰ পৰা অসমৰ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাবৰ বাবে আপোনাক প্ৰয়োজন হ'ব ইনাৰ লাইন পাৰ্মিট। আচৰিত যেন লাগিলেও এয়াই সত্য। এদিন অসমৰে অন্তৰ্গত ডিমাপুৰক লীজত দিয়া হৈছিল নাগালেণ্ডক। ঐতিহাসিকভাৱে অতি গুৰুত্বপূৰ্ণ এই ডিমাপুৰতে আছিল কছাৰী ৰাজ্যৰ ৰাজধানী। বিমলা প্ৰসাদ চলিহা মুখ্যমন্ত্ৰী হৈ থকা সময়তে ৪০ বছৰৰ বাবে লীজত দিয়া ডিমাপুৰ এতিয়া নাগালেণ্ডৰ অংশ হৈ পৰিল। সেই ডিমাপুৰতে ইনাৰ লাইন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিলে কেন্দ্ৰীয় চৰকাৰে। নগালেণ্ড চৰকাৰৰ দাবীৰ পাছত এনে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।
কিয়নো অসমৰ কাৰ্বি আংলং জিলাৰ অন্যতম গুৰুত্বপূৰ্ণ মহকুমা বোকাজানলৈ অহাযোৱা কৰা হয় ডিমাপুৰৰ মাজেৰে যোৱা পথেৰে। এই ইনাৰ লাইন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পাছত অসমৰে এই দুই স্থানলৈ যাবলৈ আপোনাক এতিয়া প্ৰয়োজন হ'ব ইনাৰ লাইন পাৰ্মিট। ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন হোৱাৰ প্ৰথম দিনাই ৫০ জনৰো অধিক লোকক আটক কৰিছে আৰক্ষীয়ে। ইনাৰ লাইন পাৰ্মিট নথকাৰ বাবেই এই লোক কেইজনক আটক কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/3956f8a2-9117-48cf-af69-3b041b3c6c74.jpg)
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ডিমাপুৰ আছিল গোলাঘাট জিলাৰ অন্তৰ্গত। কিন্তু ১৯৬৮ চনত তেতিয়াৰ বিমলা প্ৰসাদ চলিহাৰ চৰকাৰে ঐতিহাসিক ডিমাপুৰ চহৰখন নাগালেণ্ডক লীজত দিয়ে। কিন্তু ২০০৮ চনতে এই ৪০ বছৰীয়া লীজৰ ম্যাদ অন্ত পৰাৰ পাছতো বিভিন্ন অজুহাত দেখুৱাই নালালেণ্ডে ডিমাপুৰক নিজৰ অংশৰূপে ৰাখি থয়।
ইফালে পৰৱৰ্তী সময়ত নাগালেণ্ডৰ অংশ হৈ পৰা ডিমাপুৰত ইনাৰ লাইন পাৰ্মিট প্ৰযোজ্য কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছিল নাগালেণ্ড চৰকাৰে। এই বিষয়ক লৈ নাগালেণ্ড চৰকাৰ আৰু কেন্দ্ৰ বহুবাৰ মিলিত হোৱাৰ পাছত চলিত বৰ্ষৰ ৩ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰযোজ্য কৰা হৈছে ইনাৰ লাইন পাৰ্মিট। লক্ষ্যণীয় কথাটো হৈছে, বিগত বৰ্ষত মন্ত্ৰী জি কিষান ৰেড্ডীয়ে লোকসভাৰ মজিয়াত ডিমাপুৰত অচিৰেই ইনাৰ লাইন পাৰ্মিট প্ৰযোজ্য হব বুলি ঘোষণা কৰিছিল।