'ইণ্ডিয়া'ৰ ''লুন্ঠন আৰু সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে" শীৰ্ষক জনজাগৰণ সভা

'ইণ্ডিয়া'ৰ ''লুন্ঠন আৰু সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে" শীৰ্ষক জনজাগৰণ সভা

author-image
Asomiya Pratidin
New Update
'ইণ্ডিয়া'ৰ ''লুন্ঠন আৰু সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে" শীৰ্ষক জনজাগৰণ সভা

ডিজিটেল সংবাদ, বিহালী: মঙলবাৰে বিৰোধী ৰাজনৈতিক দলৰ সুংযুক্ত গোট ''ইণ্ডিয়া'ৰ অন্যতম ৰাজনৈতিক দল চিপিআই(এম-এল) দলে বিহালীৰ বৰগাঙ ৰাজহুৱা সভাগৃহত ''লুন্ঠন আৰু সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে" এক জনজাগৰণ সভা অনুষ্ঠিত হয় ৷ বিশ্বনাত জিলা চিপিআই (এম-এল)ৰ উদ্যোগত অনুষ্ঠিত সভাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ দিনত এয়াৰ পৰ্ট, বন্দৰ, বেংক, ৰেল, চেল আদি ৰাজহুৱা সম্পদসমূহ বিক্ৰি কৰি এফালৰ পৰা দেশক লুন্ঠন চলোৱা নীতি আৰু সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা কাৰ্যৰ অভিযোগ উত্থাপন কৰে।

Advertisment

মঙলবাৰে বিশ্বনাত জিলা চিপিআই (এম-এল)ৰ উদ্যোগত বিহালীৰ বৰগাঙৰ ৰাজহুৱা সভাগৃহত এক জনজাগৰণ সভা অনুষ্ঠিত কৰা হয়৷ সভাত ইণ্ডিয়া (INDIA)ৰ অন্যতম সহযোগীদল চিপিআই(এম-এল) দলে "বিজেপি হটাওক দেশ বচাওক", "হিমন্ত হটাওক অসম বচাওক'' শ্ল'গানৰে বিজেপি দলৰ লুন্ঠন আৰু সাম্প্ৰদায়িকতা উৎখাট কৰাৰ সংকল্পৰে আয়োজিত সভাত চিপিআই(এম-এল) নেতা মীন আচাৰ্যই সভাপতিত্ব কৰে ৷

জনজাগৰণ সভাত চিপিআই(এম-এল)দলৰ ৰাজ্যিক নেতা বিবেক দাসে বক্তব্যত কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ চলোৱা নাই বেপাৰ চলাইছে৷ অসমৰ সৰ্বসাধাৰণ ৰাইজৰ মূৰত ঋণৰ বোজা জাপি দিয়াৰ বাহিৰে আন একো কৰা নাই মুখ্যমন্ত্ৰী শৰ্মাই ৷

লগতে নেতা বিবেক দাসে কয় যে, অসমত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সংঘটিত হৈছে ভয়ংকৰ জালিয়াতি ৷ ইতিমধ্যে অৱসৰ প্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ শৰ্মা আয়োগৰ চূড়ান্ত প্ৰতিবেদনত স্পষ্ট হৈছে যে অসম লোকসেৱা আয়োগ পৰীক্ষাত একাংশ প্ৰাৰ্থীয়ে জালিয়াতিৰে চাকৰিত নিযুক্ত হৈ আছে ৷ তাৰপিছতো মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই জালিয়াতিৰে চাকৰি থকা বিষয়াৰ বিৰুদ্ধে মানৱীয়তা দোহাই ৰক্ষণাৱেক্ষণ দিব বিচৰা বুলিও অভিযোগ তুলিছে নেতাগৰাকীয়ে ৷

চিপিআই(এম-এল) নেতা বিবেক দাসে হিমন্তবিশ্ব শৰ্মাই চোৰক ৰক্ষণাৱেক্ষণ দিছে কাৰণ হিমন্তবিশ্ব শৰ্মা চোৰৰ চৰ্দাৰ বুলি কটাক্ষ কৰে৷ সভাত গহপুৰৰ হালান পূৰ্তি, কৃষক মহাসভাৰ লক্ষ্মীকান্ত কুৰ্মী, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ নৰোত্তম চুণ্ডী, প্ৰগতিশীল নাৰী সন্থাৰ উৰ্মিলা পাইক, লীলা শৰ্মা আদিয়ে বক্তব্য প্ৰদান কৰে।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক নাৰায়ণ পৌড়েলে। ইপিনে জনজাগৰণ সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে বৰগাং চেন্টাৰত বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে শ্লোগান দি ৰাষ্ট্ৰীয় ঘাইপথত এক প্ৰতিবাদী সমদল কৰে।

Also Read: ফকৰুদ্দিন...

BJP ASSAM