/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/income_tax_660_062618061509_071719074800.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্কঃ ২০১৯-২০ বৰ্ষৰ আয় কৰ পৰিশোধ কৰিবলৈ বাকী থকা চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ। আয় কৰ বিভাগে ২৪ জুলাইৰ পৰা আৰম্ভ কৰিছে কৰদাতা-ই-সহযোগ অভিযান। বিভাগটোৱে ১৫৯ বছৰত ভৰি দিয়াৰ সময়তে ২০১৯-২০ বৰ্ষৰ বাবে কৰ দিবলৈ বাকী থকা চৰকাৰী কৰ্মচাৰীসকলৰ সুবিধা হোৱাকৈ ধন জমা দিব পৰা এক ব্যৱস্থা কৰিছে।
উত্তৰ-পূৰ্বৰ আয়কৰ বিভাগৰ মুখ্য আয়ুক্তৰ নেতৃত্বত আয়োজন কৰা হৈছে ই-মেলাৰ। যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ চৰকাৰী কৰ্মচাৰীসকলে দিব পাৰিব তেওঁলোকৰ আয় কৰ। ১৩ আগষ্টৰ পৰা আৰম্ভ হোৱা এই ই-মেলা অন্ত পৰিব ৩১ আগষ্টত। অৱশ্যে শনিবাৰ আৰু দেওবাৰে এই সেৱা বন্ধ থাকিব।
যিকোনো লোকে কাৰ্যালয় চলি থকা সময়ছোৱাত কৰ পৰিশোধ কৰিব পাৰিব মহানগৰীৰ উজান বজাৰস্থিত পুৰণি আয়কৰ ভৱনত। অৱশ্যে ১৯ আগষ্টৰ পৰা ৩১ আগষ্টৰ লৈকে জি এছ ৰোডস্থিত আয়কৰ ভৱনতো জমা কৰিব পৰা যাব ধন। এই কাৰ্যৰ বাবে কৰ পৰিশোধ কৰিবলগীয়া লোকসকলৰ কিছু তথ্যৰো প্ৰয়োজন হ'ব।
প্ৰয়োজনীত তথ্যসমূহ এনেধৰণৰ-
- পান কাৰ্য
- আধাৰ কাৰ্ড
- আয়কৰ পৰিশোধ কৰিবৰ বাবে নাম পঞ্জীয়ন কৰি থোৱা লোকে ই-ফাইলিং পাছৱৰ্ড, পঞ্জীয়নযুক্ত ফোন নম্বৰ, পঞ্জীয়নভুক্ত ই-মেইল।
- আই এফ এছ চিৰ সৈতে বেংক একাউন্ট নম্বৰ।
- ২০১৮-১৯ বৰ্ষত লাভ কৰা দৰমহাৰ তথ্য।
- দৰমহাৰ উপৰিও অন্যান্য উপাৰ্জনৰ লগতে অন্যান্য কিছু তথ্য।
প্ৰয়োজনীয় তথ্যৰ তালিকা এনেধৰণৰঃ
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/236f9081-dfa6-430e-8da2-8870d8424345-962x1024.jpg)