সমাগত বিধানসভা নিৰ্বাচনক লক্ষ্য ৰাখি চিৰাঙৰ কাজলগাঁৱত জিলা প্ৰশাসনৰ গুৰুত্বপুৰ্ণ বৈঠক…

সমাগত বিধানসভা নিৰ্বাচনক লক্ষ্য ৰাখি চিৰাঙৰ কাজলগাঁৱত জিলা প্ৰশাসনৰ গুৰুত্বপুৰ্ণ বৈঠক…

ডিজিটেল সংবাদ, চিৰাং : সমাগত বিধানসভা নিৰ্বাচনক লক্ষ্য ৰাখি চিৰাঙৰ কাজলগাঁৱত জিলা প্ৰশাসনৰ গুৰুত্বপুৰ্ণ বৈঠক অনুষ্ঠিত হয় । উপায়ুক্ত কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত জিলা ৰিটাৰ্ণিং বিষয়া তথা উপায়ুক্ত গৌতম তালুকদাৰ ৰ পৌৰহিত্যত অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকে ৩১ নং চিদলী (জনজাতি) বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গ, বিত্তীয় প্ৰতিষ্ঠানৰ মুৰব্বী বিষয়া আৰু সংবাদ মাধ্যমৰ লোক সকল ।

জিলা তথা চিদলী বিধান সভাৰ সমষ্টিত নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থকা সময়ত বিত্তীয় প্ৰতিষ্ঠান সমূহে কিদৰে কাম কৰিব লাগিব তাৰ ওপৰত পৰামৰ্শ আগবঢ়ায় জিলা ৰিটাৰ্ণিং বিষয়া গৰাকীয়ে । তদুপৰি নিৰ্বাচনী আচৰণবিধি ভঙ্গ কৰি টকা কঢ়িওৱা, অবৈধ ভাৱে মদ কঢ়িওৱা সকলৰ বিৰুদ্ধে তাৎক্ষনিক ব্যৱস্থা গ্ৰহণৰ উপৰি বিভিন্ন বিষয়ৰ ওপৰত বিস্তাৰিত ভাবে আলোচনা কৰা হয় । তাৰ মাজতে তেখেতে জনায় যে নিৰ্বাচনী আচৰণবিধি বলবৎ হোৱা দিনৰে পৰা জিলা প্ৰশাসনৰ পৰা ফ্লায়িং স্কোয়াড, এচ,এচ,টি আৰু ভিডিও ছাৰ্ভিলেঞ্চ দলৰ জৰিয়তে কাম আৰম্ভ কৰি দিয়া হৈছে বুলি সদৰি কৰে।

নিৰ্বাচনী আচাৰবিধি বলবৎ হৈ থকাৰ সময়ছোৱাত পেড নিউজ বা আইন শৃংখলা জনিত পৰিস্থিতি সৃষ্টি কৰা বাতৰি সমূহৰ পৰ্য্যবেক্ষণ কৰিবলৈ ছপা, বৈদ্যুতিন আৰু সামাজিক মাধ্যমৰ গতিবিধিৰ নজৰ ৰাখিবলৈ এটা মনিটৰণিং কমিটি গঠণ কৰা হৈছে বুলি সদৰি কৰে । এইবেলি ৩১ নং চিদলী বিধান সভাৰ সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ২,০৫০৩৮ গৰাকী, তাৰে পুৰুষ ভোটাৰ সংখ্যা ১০২৫৮৬ , মহিলা ভোটাৰ সংখ্যা ১,০২৪৪৬ আৰু তৃতীয় লিঙ্গৰ ৬ গৰাকী ভোটাৰ আছে ।

পূৰ্বতে চিদলী বিধানসভা সমষ্টিত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ আছিল ২৬৯ খন কিন্তু কোভিদ-১৯ প্ৰটকল অনুসৰি অতিৰিক্ত ভাৱে ৫৭ খন ভোট গ্ৰহণ কেন্দ্ৰ বৃদ্ধি কৰা হৈছে । চিদলী বিধান সভাৰ সমষ্টিত এইবেলি মুঠ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছেগৈ ৩২৬ খন ।

তাৰে ৯ খন ভোট গ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে ।এশ শতাংশ মহিলা সকলৰ দ্বাৰা পৰিচালি তিনিখন আদৰ্শ মহিলা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হব ।যত সুৰক্ষা বাহিনীৰ পৰা আৰম্ভ কৰি প্ৰিছাইডিং বিষয়া পোলিং অফিচাৰ আনকি ৰাজনৈতিক দলৰ পোলিং এজেন্ট সকলো মহিলা থাকিব । নিৰাপত্তাৰ দিশতো যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in