/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/alha.jpg)
ডিজিটেল সংবাদ, ডিমাপুৰ/ৱাখাঃ নাগালেণ্ডৰ বাণিজ্যিক ৰাজধানী ডিমাপুৰত জিলা প্ৰশাসনে আৰক্ষীৰ সহযোগত আন্তৰাজ্যিক পাৰপত্ৰ আওতাত তালাচী চলাই একাংশ অনগালোকক গ্ৰেপ্তাৰ কৰা কাৰ্যত ক্ষুব্ধ সহস্ৰাধিক উত্তেজিত জনতাই আজি পথ অৱৰোধ কৰি উত্তাল পৰিবেশ সৃষ্টি কৰে। দেওবাৰে বিয়লি ইনাৰ লাইন পাৰমিট নামত নগা আৰক্ষীয়ে তালাচী কাৰ্যত ভীতিগ্ৰস্ত হৈ অসমৰ ফালে লাহৰীজান – ডিমাপুৰ আন্তৰাজ্যিক চেক গেটত নাগালেণ্ড পৰা অসমত প্ৰবেশ কৰা সকলো যানবাহন বাধা প্ৰদান কৰি পথ অৱৰোধ কৰি দিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/400763a2-b423-40a6-8fad-760a1504a2b0.jpg)
প্ৰথমে প্ৰতিবাদী সকলে লাহৰীজানত ডাঙৰ ডাঙৰ শিল দি পথটো বন্ধ কৰি দিয়ে । আৰু আই এল পি বিৰোধিতা কৰি শ্লগান দিয়ে। এই ঘটনাই সম্প্ৰতি সমগ্ৰ ডিমাপুৰত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে । লগে লগে নাগালেণ্ড গেটত শ শ আৰক্ষী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে । এই অৱৰোধ ফলত যানবাহন চলাচল ব্যাহত হৈ পৰে ।উল্লেখযোগ্য যে ডিমাপুৰ জিলা প্ৰশাসনে যোৱা বৃস্পতিবাৰ চহৰখনৰ চিটি টাৱাৰ এলেকাত ইনাৰ লাইন পাৰমিট পৰীক্ষা তালাচী চকী পাতি কোনো ভাৰতীয় বৈধ প্ৰমাণ পত্ৰ নথকাৰ প্ৰায় ৩৫ জন বহিৰাগত অনগালোকক গ্ৰেপ্তাৰ কৰি এহেজাৰ টকাকৈ জৰিমনা বিহিছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/a53f1f6b-230a-4a18-94d6-dd087e5599d1.jpg)
দেওবাৰেও প্ৰশাসনে এই অভিযান চলাই ৩০ গৰাকী বহিৰাগতক গ্ৰেপ্তাৰ কৰিছিল । ডিমাপুৰ জিলা প্ৰশাসনৰ আকস্মিক আই এল পি অভিযানত ভীতিগ্ৰস্ত হৈ চহৰখনত অবৈধভাৱে বাস কৰা শংকিত হৈ পৰে । ফলত অনগালোক সকলে ইয়াৰ প্ৰতিবাদ জনাই উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে । উল্লেখযোগ্য যে আই এল পি পৰীক্ষাৰ বাবে যোৱা শুক্ৰবাৰে ডিমাপুৰৰ প্ৰায় সংখ্যক দোকান – বজাৰ , ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হৈ পৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/7afb2088-14be-4d8e-a103-7e6e2c7038ba.jpg)
ইনাৰ লাইন পাৰমিট ফলত অধিকাংশ অনগালোকে বাসস্থান আৰু নাগৰিকত্ব হেৰুওৱাৰ শংকাত আজি বিয়লি সহস্ৰাধিক লোকে লাহৰীজান – ডিমাপুৰ আন্তৰাজ্যিক চেকগেটত নাগালেণ্ডৰ পৰা অসমত প্ৰবেশত কৰা যানবাহনক বাধা প্ৰদান কৰি পথ অৱৰোধ কৰে । ইফালে ডিমাপুৰ জিলাত আন্তৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ সন্দৰ্ভত উপায়ুক্ত অনুপ খিনঞ্চিয়ে কয় – যোৱা শুক্ৰবাৰৰ পৰা ইনাৰ লাইন পাৰমিট পৰীক্ষাৰ কাম আৰম্ভ হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/27ca457f-296f-409f-8c9c-6dc7a05b86b0.jpg)
এই তালাচী কাম ডিমাপুৰত নিয়মিতভাৱে চলিব । ইতিমধ্যে পাৰপত্ৰ দিয়া প্ৰক্ৰিয়া ১৪ ফেব্ৰুৱাৰী পৰা জিলা উপায়ুক্ত কাৰ্যালয়ত আৰম্ভ হৈছে । উল্লেখযোগ্য যে ডিমাপুৰত বসবাস কৰা ভাৰতীয় ভোটাৰ পৰিচয় পত্ৰ আৰু আধাৰ কাৰ্ড নথকা অনগালোক এহেজাৰ টকাকৈ জৰিমনা বিহিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/7512fab5-5bca-43fc-bd5c-c9bad56f8b49.jpg)
স্মৰ্তব্য যে নাগালেণ্ড চৰকাৰে কা আইনে নাগালেণ্ডৰ জন গাঁথনিত প্ৰভাৱ পেলোৱাৰ শংকা কৰি ফেব্ৰুৱাৰী মাহৰ পৰা ডিমাপুৰ জিলাত ইনাৰ লাইন পাৰমিট প্ৰৱৰ্তন কৰে । যোৱা শুক্ৰবাৰে ডিমাপুৰ জিলা প্ৰশাসনে এই আই এল পি পৰীক্ষাত নামত তালাচী চলোৱাৰ কাৰ্যত ভীতিগ্ৰস্ত হৈ এনেদৰে আজি বিয়লি পথ অৱৰোধ কৰে । ইফালে বহিৰাগত লোকে এনেদৰে ডিমাপুৰত পথ অৱৰোধ কাৰ্যই সম্প্ৰতি নাগালেণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।