ইম্ফলৰ বীৰ টিকেন্দ্ৰজিত বিমানবন্দৰত কৰ্ণেল বিপ্লৱ ত্ৰিপাঠীসহ ৫ ছহিদলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ…

ইম্ফলৰ বীৰ টিকেন্দ্ৰজিত বিমানবন্দৰত কৰ্ণেল বিপ্লৱ ত্ৰিপাঠীসহ ৫ ছহিদলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ…

author-image
asomiyapratidin
New Update
ইম্ফলৰ বীৰ টিকেন্দ্ৰজিত বিমানবন্দৰত কৰ্ণেল বিপ্লৱ ত্ৰিপাঠীসহ ৫ ছহিদলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ…

ডিজিটেল সংবাদ, বেকাজানঃ শনিবাৰে মণিপুৰৰ চূড়াচান্দপুৰত পিপলছ লিবাৰেচন আৰ্মিৰ নিৰ্বিচাৰ গুলীবৰ্ষণত নিহত হোৱা আছাম ৰাইফলছ ছহিদ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী আৰু তেওঁৰ সৰ্তীথ জোৱানসকললৈ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

Advertisment

বিয়লি ইম্ফলৰ বীৰ টিকেন্দ্ৰজিত বিমানবন্দৰ অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ লৈ বিদ্ৰোহী এনে কাপুৰুষালি কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰি এন বীৰেন সিঙে কয়- উগ্ৰপন্থীৰ এনে কাৰ্যকলাপ সহ্য কৰা নহ'ব। ছহিদৰ পৰিয়ালক আশ্বাস দি তেওঁ ম্যানমাৰ সীমান্তত নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰাৰ নিৰ্দেশ দিয়ে । উল্লেখযোগ্য যে শনিবাৰে ছহিদ হোৱা আটাইকেইজন জোৱানক শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত সেনাৰ বিশেষ হেলিকেপ্টাৰে নিজ নিজ বাসগৃহলৈ প্ৰেৰণ কৰা হৈছে ।