সাৱধান! অসমকে ধৰি উত্তৰ-পূবৰ প্ৰায় কেইখন ৰাজ্যত হ’ব প্ৰৱল বৃষ্টিপাত…

সাৱধান! অসমকে ধৰি উত্তৰ-পূবৰ প্ৰায় কেইখন ৰাজ্যত হ’ব প্ৰৱল বৃষ্টিপাত…

author-image
asomiyapratidin
New Update
আহি আছে 'হামুন':অসমসহ উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যত হ'ব প্ৰৱল বৃষ্টিপাত...

ডিজিটেল ডেস্কঃ দেশত আকৌ হ'ব ধাৰাসাৰ বৰষুণ। গোৱাৰ পৰা আদি কৰি উত্তৰ, মধ্য আৰু উত্তৰ-পূব অঞ্চলৰ সৰহ সংখ্যক ৰাজ্যত হ'ব প্ৰৱল বৃষ্টিপাত। বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে সদৰি কৰিছে এই তথ্য। আৰু এই তথ্যকে সত্য প্ৰমানিত কৰি মুম্বাই, বিহাৰত মঙলবাৰৰ নিশাৰে পৰা হৈছে প্ৰৱল বৃষ্টিপাত।

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি, বিহাৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, চত্তীশগড়, উৰিশ্যা, পশ্চিম বংগ আৰু ছিকিমত বৃষ্টিপাতৰ লগতে ধুমুহা-বতাহ অহাৰো সম্ভাৱনা আছে।

প্ৰৱল বৃষ্টিপাত হ'ব পৰা ৰাজ্য সমূহৰ ভিতৰত আছে অসম, মেঘালয়, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, ছিকিম, বিহাৰ। ইফালে পশ্চিম ৰাজস্থান, কেৰেলা, দক্ষিণ কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, হিমাচল, উত্তৰাখণ্ড, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, ঝাৰখণ্ডতো বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।