ডিমাপুৰত জব্দ অসমৰ পৰা সৰবৰাহ কৰা এক ট্ৰাক অবৈধ বিদেশী সুৰা

ডিমাপুৰত জব্দ অসমৰ পৰা সৰবৰাহ কৰা এক ট্ৰাক অবৈধ বিদেশী সুৰা

author-image
asomiyapratidin
New Update
ডিমাপুৰত জব্দ অসমৰ পৰা সৰবৰাহ কৰা এক ট্ৰাক অবৈধ বিদেশী সুৰা

ডিজিটেল সংবাদ, ৱাখাঃ ডিমাপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযান চলাই অসমৰ কাৰ্বি আংলং জিলাৰ বোকাজানৰ পৰা ডিমাপুৰৰ ছুমুকেডিমালৈ প্ৰেৰণ কৰা এক ট্ৰাক অবৈধ বিদেশী সুৰা জব্দ কৰে। ডিমাপুৰৰ আৰক্ষীয়ে সদৰী কৰা মতে ছুমুকেডিমাত নিয়মীয়া তালাচীত এই ট্ৰাকখনত নিয়া বৃহৎ সুৰাখিনি ধৰা পেলাই।

জানিব পৰা মতে ট্ৰাকখন মুঠ ৯২৯ কাৰ্টুন বিদেশী সুৰা আছিল। যাৰ বজাৰ মূল্য প্ৰায় বিশ লক্ষাধিক টকা হ'ব। ঘটনাৰ সন্দৰ্ভত নগা আৰক্ষীয়ে বোকাজানৰ আদাম ধন নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে।