চতীয়াত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা...

এইবাৰ চতিয়া আৰক্ষীৰ জালত ১০০০ কাৰ্টুন অৰুণাচলী সুৰা

author-image
Asomiya Pratidin
New Update
চতীয়াত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা...

ডিজিটেল সংবাদ, জামুগুৰিহাট: গৰু, চোৰাং কাঠ আদিৰ অবৈধ ব্যৱসায়ৰ পিছত এইবাৰ সুৰাৰ ৰমৰমীয়া ব্যৱসায়। সততে সুৰাৰ ৰমৰমীয়া ব্যৱসায়ৰ বুলিলে যি অৰুণাচলী সুৰাৰ কথা উত্থাপন হয়, সেই অৰুণাচলী সুৰাৰ ব্যৱসায়ী জালত পৰিছে আৰক্ষীৰ।

Advertisment

চতিয়া আৰক্ষীৰ জালত ১০০০ কাৰ্টুন অৰুণাচলী সুৰা ৷ আৰক্ষীয়ে চলোৱা দৈনিক তালাচীত জব্দ হয় এই সুৰাখিনি ৷ বিশ্বনাথ চাৰিআলিৰ পৰা তেজপুৰ অভিমুখে আহি থকা N L - 07- A -6999 নম্বৰৰ চিমেণ্ট ভৰ্তি ট্ৰাকখনৰ পৰা জব্দ কৰে উক্ত বৃহৎ পৰিমাণৰ সুৰা৷

উল্লেখ্য যে, আৰক্ষীয়ে এজন সুৰা সৰবৰাহকাৰীক আটক কৰিছে। পিছে বাতৰি সংগ্ৰহত বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷

Also Read: 10 Historical places in Assam: অসমৰ ঐতিহাসিক ঠাইসমূহ