গহপুৰ ৰেলৱে ষ্টেচনত পুনৰ অবৈধ অৰুণাচলী সুৰা জব্দ

গহপুৰ ৰেলৱে ষ্টেচনত পুনৰ অবৈধ অৰুণাচলী সুৰা জব্দ

author-image
asomiyapratidin
New Update
গহপুৰ ৰেলৱে ষ্টেচনত পুনৰ অবৈধ অৰুণাচলী সুৰা জব্দ

ডিজিটেল সংবাদ, গহপুৰঃ উত্তৰ অসমৰ একাংশ ৰেলৱে ষ্টেচন অবৈধ অৰুনাচলী সুৰা সৰবৰাহৰ কৰিড'ৰত পৰিণত হোৱাৰ বাতৰি 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত প্ৰকাশ হৈ অহাৰ সময়তে আজি পুনৰ গহপুৰ ৰেলৱে ষ্টেচনৰপৰা কেইবা কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰা হয়।

Advertisment

আবকাৰী বিভাগৰ গহপুৰৰ পৰিদৰ্শক দুলাল শৰ্মাৰ নেতৃত্বত যোৱা আবকাৰী দল এটাই গোপন সূত্ৰৰ পমখেদি গহপুৰ ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত বেগৰ ভিতৰত লুকুৱাই ৰখা বটলসমূহ জব্দ কৰি বিভাগৰ কাৰ্যালয়লৈ আনে। উল্লেখ্য যে, সুৰাখিনি মুকুংচেলেক-ৰঙিয়া অভিমুখী যাত্ৰীবাহী ট্ৰেইনত সৰবৰাহ কৰিবলৈ আনিছিল।

অৱশ্যে কিছু সংখ্যক সুৰাৰ কাৰ্টন ৰেলখনত লুকুৱাই নিবলৈ সক্ষম হ'ল। গহপুৰ ৰেলৱে ষ্টেচনত কম সময় ৰখাৰ বাবে আবকাৰী বিভাগৰ দলটোৱে সকলো কাৰ্টন জব্দ কৰিবলৈ সক্ষম নহ'ল বুলি নিৰ্ভৰ যোগ্য সূত্ৰত প্ৰকাশ।