/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/main-face-69bc5-c596-42c9-8474-348cca928bed.jpg)
ডিজিটেল সংবাদ, শিলচৰ-গুৱাহাটীঃ কোৰোনা সংক্ৰমণৰ মাজতে চোৰাং সামগ্ৰীৰ অবৈধ সৰবৰাহৰ নিৰাপদ নিয়ন্ত্ৰণ কেন্দ্ৰত পৰিণত হৈছে বৰাক উপত্যকাৰ কাছাৰ জিলা। যোৱা কেইবামাহ ধৰি অবৈধ কয়লা আৰু চুপাৰিৰ সৰবৰাহক লৈ অব্যাহত প্ৰতিবাদ আৰু মেঘালয়ৰ লোকায়ুক্তৰ নিৰ্দেশমৰ্মে অসম আৰু মেঘালয়ৰ দুয়োখন ৰাজ্য চৰকাৰে চিবিআইৰ তদন্তৰ নিৰ্দেশনা দিছে যদিও এই চোৰাং সামগ্ৰীৰ সৰবৰাহকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/111-6fe82d48-2093-4961-88f0-326df75ae00e-768x1024.jpg)
যোৱা ২৪ ঘন্টাত প্ৰায় ৩০ কোটি টকাৰ বাৰ্মিজ চুপাৰি, অপিয়াম প্ৰস্তুত কৰা আফুগুটিৰ উপৰি ৪১ হাজাৰ নিচাযুক্ত টেবলেট জব্দ কৰা হৈছে। আৰক্ষীয়ে চলোৱা এই আকস্মিক অভিযানত বৃহৎ পৰিমানৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰা ঘটনাই উপত্যকাটোক কিদৰে নিষিদ্ধ সামগ্ৰীৰ নিৰাপদ বাণিজ্য কেন্দ্ৰত পৰিণত কৰিছে, তাৰেই ছবিখনকে স্পষ্ট কৰি দিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/3459f0ba-9e39-46c5-9438-7743f8735608-1-768x1024.jpg)
উল্লেখ্য যে, ত্ৰিপুৰা, নামনি-মধ্য অসম, বাংলাদেশ, ডিমা হাচাও আৰু বৰাক উপত্যকাত গঢ় লৈ উঠিছে এনে নিচাযুক্ত ঔষধৰ বিশাল এখন বজাৰ। যিখন বজাৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই ম্যানমাৰ, থাইলেণ্ডৰ প্ৰস্তুত কৰা ডব্লিউ ৱাই (ৱ'ৰ্ল্ড ইজ ইউৰ্ছ) সাংকেতিক চিহ্নৰ মেথ'এছফিটামিন আৰু কেফেইনৰ মিশ্ৰণৰ অত্যধিক নিচাযুক্ত এই টেবলেটৰ সৰবৰাহ দ্ৰুত হাৰত বৃদ্ধি পাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/6140f124-969b-42f8-8b88-b19a6b9ee2bb.jpg)
ইফালে, অভিযোগ মতে, এই অবৈধ বজাৰখন প্ৰতিদিনাই বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ম্যানমাৰ, থাইলেণ্ডৰ পৰা মিজোৰাম হৈ বৰাক উপত্যকালৈ দৈনিক সৰবৰাহ হয় এনে সামগ্ৰী। আনহাতে, সমবাৰে প্ৰায় ৪১ হাজাৰ নিচাযুক্ত টেবলেটসহ আটক কৰিছে তিনিজন যুৱকক। এই সন্দৰ্ভত বিএছএফে জানিবলৈ দিয়া মতে, ২০২০চনতে ত্ৰিপুৰা-বাংলাদেশ সীমান্তত ডেৰ লক্ষাধিক এনে টেবলেট জব্দ কৰা হৈছে।
জানিব পৰা মতে, ম্যানমাৰত ৩ টকা দৰৰ এই টেবলেট বৰাকত ৬৫ টকাত বিক্ৰী কৰা হয়। ইফালে, আটক হোৱা দলটোত থকা এজন কলেজীয়া ছাত্ৰৰ মুখেৰে প্ৰকাশ পোৱা ড্ৰাগছ সৰবৰাহৰ সমগ্ৰ নেটৱৰ্কৰ সৈতে জড়িত ৬৬জন লোকৰ নাম আৰক্ষীৰ তদন্তৰ আওতালৈ আহিছে। আৰু আৰক্ষীৰ সূত্ৰ মতে, এই সকলৰ ভিতৰত আছে বহু কেইজন ৰাজনৈতিক নেতা আৰু ত্ৰিপুৰাৰ বাসিন্দা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/6c469bc5-c596-42c9-8474-348cca928bed-1.jpg)
আনহাতে, সোমবাৰে মিজোৰাম সীমান্তৰ লাইলাপুৰত চাৰিখন বাৰ্মিজ চুপাৰিভৰ্তি ট্ৰাকৰ লগতে এখন অপিয়ামৰ কেঁচা সামগ্ৰীৰূপে গণ্য হোৱা আফুগুটি ভৰ্তি ট্ৰাক জব্দ কৰে আৰক্ষীয়ে। এই ট্ৰাকৰ সৈতে গাড়ী কেইখনৰ কেইজনমান চালক আৰু হেণ্ডিমেনকো অভিযানকাৰী আৰক্ষীৰ দলটোৱে আটক কৰে। জব্দ কৰা চুপাৰি আৰু অপিয়ামখিনিৰ মূল্য প্ৰায় ২০ কোটি টকা।