/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/moirabari-1.jpg)
ডিজিটেল সংবাদ মৈৰাবাৰীঃ দেওবাৰে সন্ধিয়া মৈৰাবাৰী আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰাৰ লগতে এজনক আটক কৰিবলৈ সক্ষম হয়। মৈৰাবাৰী থানাৰ অন্তৰ্গত পশ্চিম মৈৰাবাৰীৰ মজিবুৰ ৰহমানৰ ঘৰত মৈৰাবাৰী আৰক্ষীয়ে অভিযান চলাই এই অবৈধ সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয়।
ইতিমধ্যে আৰক্ষীয়ে বিলাতী সুৰাখিনি জব্দ কৰাৰ লগতে মজিবুৰ ৰহমনক আটক কৰি থানালৈ লৈ যায়। উল্লেখ্যে যে ধৃত মজিবুৰ ৰহমানে পূৰ্বেও অবৈধ ভাৱে সুৰাবিক্ৰী কৰাৰ অপৰাধত জে'ল হাজোতলৈ গৈছিল যদিও আৰক্ষীৰ চকুত ধূলি দি ইমান দিনে চলাই আছিল অবৈধ সুৰাৰ ৰমৰমীয়া বেহা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us