সমুখত ঈদঃ ভাৰত-বাংলাদেশ সীমান্তত বৃদ্ধি চোৰাং গৰুৰ সৰবৰাহ

সমুখত ঈদঃ ভাৰত-বাংলাদেশ সীমান্তত বৃদ্ধি চোৰাং গৰুৰ সৰবৰাহ

author-image
asomiyapratidin
New Update
সমুখত ঈদঃ ভাৰত-বাংলাদেশ সীমান্তত বৃদ্ধি চোৰাং গৰুৰ সৰবৰাহ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত আছে গৰুৰ চোৰাং চালান। ঈদৰ প্ৰাকমুহূৰ্তত বৃদ্ধি পাইছে গৰুৰ চোৰাং চালানৰ সংখ্যা। লাখ লাখ গৰু দুয়োদেশৰ নিৰাপত্তাৰক্ষী উপস্থিত থকাৰ পিছতো ৰহস্যজনকভাৱে চোৰাংকৈ সৰবৰাহ হৈয়ে আছে।

ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰেও নিয়মিত বাংলাদেশলৈ চালান চোৰাং গৰু। ত্ৰিপুৰাৰ আৰক্ষীয়ে শেহতীয়াকৈ এনে এক চক্ৰক আটক কৰিবলৈ সক্ষম হৈছে। চক্ৰটোৱে ভাৰত-বাংলাদেশৰ তেজাৰামপাৰ আৰু কঠালচেৰি দাসপাৰাৰে এই চোৰাং গৰু বাংলাদেশলৈ পঠিয়াবলৈ চেষ্টা কৰোতেই ৯টাকৈ গৰু জব্দ কৰে। ইয়াৰে ৭টা বলধ আৰু এজনী গাই আৰু এটা পোৱালি।

লক্ষণীয় যে ধুবুৰী-কৰিমগঞ্জৰ ৫টা কৰিডৰেৰে নিয়মীয়াকৈ বাংলাদেশলৈ গৰুৰ চোৰাং বেহা চলে। তাৰ উপৰিও মেঘালয় সীমান্তৰেও এই চক্ৰবোৰে বিনা বাধাই  বাংলাদেশলৈ চালান দিয়ে গৰু। ইফালে ভাৰতৰ পৰা চালান দিয়া প্ৰতিটো গৰুৰ বাবদ ৫০০ টকাকৈ জৰিমনা লৈ এনে চোৰাং ব্যৱসায়ক বৈধতা প্ৰদান কৰি আহিছে বাংলাদেশী সীমান্তৰক্ষা বাহিনীয়ে।

চোৰাং গৰু চালনাৰ বিৰুদ্ধে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত দুই দেশৰ সীমান্তৰক্ষীৰ তৎপৰতাত কিছুদিনৰ বাবে বন্ধ হৈছিল সম্প্ৰতি পুনৰ এই কাৰবাৰ আৰম্ভ হৈছে। ভাৰতৰ পশুধনেৰে বাংলাদেশত চলা বৃহ বজাৰৰ বাবে প্ৰতিদিনাই গৰুৰ চোৰাং বেহা চলে যদিও এই বেপাৰ বন্ধ কৰিবলৈ এতিয়ালৈকে দিল্লী বা ঢাকাই বিশেষ ভূমিকা গ্ৰহণ কৰা নাই।

উন্মুক্ত সীমান্ত তথা জলপথেৰেও কৌশলৰে এই মাফিয়া চক্ৰই দীৰ্ঘদিন ধৰি বাংলাদেশলৈ গৰু চালান দি আহিছে। ঈদৰ বতৰত বাংলাদেশত গৰুৰ চাহিদা যথেষ্ট বৃদ্ধি পায়। তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে গৰুৰ চোৰাং চালনাৰে জড়িত এই চক্ৰটোৱে।