ডিজিটেল সংবাদ, চাংসাৰিঃ ২০১৪ চনৰ পৰা অচল হৈ পৰিত্যক্ত অৱস্থাত থকা জন স্বাস্থ্য কাৰিকৰী বিভাগৰ পিপিএম ফ্লৰাইড যুক্ত খোৱা পানী যোগান প্ৰকল্প আইআইটি গুৱাহাটীৰ বিশেষজ্ঞ অধ্যাপক আৰু গৱেষক ছাত্ৰ-ছাত্ৰী সকলে সম্পূৰ্ণ ফ্ল'ৰাইড মুক্ত কৰি খোৱাৰ উপযোগী কৰি ৰাইজক উপহাৰ দিয়া কাৰ্যই বিশেষ আশাৰ সঞ্চাৰ কৰিছে। উল্লেখ্য যে, চাংসাৰি ধৰমতুল নামৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰকল্প এটি চাংসাৰিৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এশ মিটাৰ মান পূব ফালে পূৰবী নগৰৰ পাহাৰীয়া টিলা এটিত যোৱা ২০১৪ চনৰ পৰা ফ্ল'ৰাইড পোৱা বাবে বন্ধ হৈ পৰিত্যক্ত অৱস্থাত পৰি আছিল।
এই প্ৰকল্পটিয়েই এতিয়া ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগে পুনৰ নিৰ্মাণ কৰি আই আই টি গুৱাহাটীৰ বিশেষজ্ঞ অধ্যাপক মিহিৰ কুমাৰ পুৰকাইট আৰু গৱেষক ছাত্ৰ মি আনিসেন লগতে অভিযান্ত্ৰিক ৰসায়ন বিজ্ঞানৰ আন ছাত্ৰ-ছাত্ৰী সকলৰ সহযোগত আধুনিক প্ৰযুক্তিৰে ফ্লৰাইড মুক্ত কৰি সৰ্বসাধাৰণৰ বাবে আজি মুকলি কৰি দিয়ে। প্ৰাক্তন সাংসদ ৰমেন ডেকাই মুকলি কৰা এই প্ৰকল্পটিয়ে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব আই আই টি গুৱাহাটীৰ গৱেষকৰ দলটিয়ে জানিবলৈ দিয়ে।