পত্নীক গামোচাৰে ডিঙি চেপি হত্যা কৰিলে স্বামীয়ে...

শুকুৰবাৰে ডবকাৰ ভেলৌগুৰিত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। অভিযোগ অনুসৰি গামোচাৰে পত্নীৰ ডিঙি চেপি হত্যা কৰে এজনে।

author-image
Asomiya Pratidin
New Update
পত্নীক গামোচাৰে ডিঙি চেপি হত্যা কৰিলে স্বামীয়ে...

ডিজিটেল ডেস্কঃ শুকুৰবাৰে ডবকাৰ ভেলৌগুৰিত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। অভিযোগ অনুসৰি গামোচাৰে পত্নীৰ ডিঙি চেপি হত্যা কৰে এজনে।

নিহত মহিলাগৰাকীৰ নাম পম্পী শইকীয়া। আনহাতে অভিযুক্ত স্বামী পবিত্র শইকীয়া বৰ্তমান পলাতক অৱস্থাত আছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।মৃতদেহটোত তেজও পৰিলক্ষিত কৰে আৰক্ষীয়ে।

কি কাৰণে এই হত্যাকাণ্ড সংঘটিত হয় এতিয়ালৈকে জানিব পৰা নাই। ইতিমধ্যে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মৃতদেহ। তাৰ পাছতহে মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।

Also Read: ৰাহুল গান্ধীৰ আবেদন খাৰিজঃ ২০২৪ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব কংগ্ৰেছ নেতাগৰাকীয়ে

Assam police