জালিসৰা বিলৰ পাৰত জাল পাতি শ শ পৰিভ্ৰমী চৰাই নিধনঃ বনজ সম্পদৰ ধ্বংস অভিযানত বন বিষয়া সেনাপতি…

জালিসৰা বিলৰ পাৰত জাল পাতি শ শ পৰিভ্ৰমী চৰাই নিধনঃ বনজ সম্পদৰ ধ্বংস অভিযানত বন বিষয়া সেনাপতি…

author-image
asomiyapratidin
New Update
জালিসৰা বিলৰ পাৰত জাল পাতি শ শ পৰিভ্ৰমী চৰাই নিধনঃ বনজ সম্পদৰ ধ্বংস অভিযানত বন বিষয়া সেনাপতি…

ডিজিটেল ডেস্কঃ পূৱ কামৰূপ বন সংমণ্ডলৰ সোণাপুৰ আঞ্চলিক বন বিষয়াৰ এলেকাত বন ধ্বংসৰ অভিযোগ বহু দিনীয়া যদিও চৰকাৰে বিষয়া বদলি কৰাৰ বাহিৰে ইয়াক প্ৰতিৰোধ কৰাৰ বাহিৰে বাস্তুৱ পদক্ষেপ ল'ব নোৱাৰিলে। এনে কাৰণতে অঞ্চলটোত পাহাৰৰ শিল, বালি খনন, বনাঞ্চলৰ গছ, কৃষি ভূমিৰ মাটি কটাৰ উপৰিও নদী- বিলৰ পৰা বালি সংগ্ৰহৰ অবৈধ কাৰ্যকলাপ এতিয়াও অব্যাহত আছে।

Advertisment

শেহতীয়াকৈ আঞ্চলিক বন বিষয়া ফিলফিলা বসুমতাৰীৰ পৃষ্ঠপোষকতাত এনে কাৰ্যকলাপে চূড়ান্ত ৰূপ ধাৰণ কৰিছে। চৰকাৰী ভাৱে যদিও যোৱা ১ মে'ৰ পৰা এই অঞ্চলত পাহাৰ বা মাটি খনন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা আছে বাস্তৱত পিছে এই এলেকাত অবাধে চলি আছে এনেবোৰ কাৰ্যকলাপ।

অতিকে ভয়ংকৰ এক ঘটনা হ'ল ইতিহাস প্ৰসিদ্ধ জালিসৰা বিলৰ পাৰত ডিমা হাচাও জিলাৰ প্ৰখ্যাত ঠিকাদাৰ ৰূপে পৰিচিত শৈলেন কলিতা নামৰ লোকজনে ক্ষেত্ৰীৰ পৰা মালৈ মথাৰ সংযোগী পথৰ জালিসৰা বিলৰ পাৰতে ক্ৰয় কৰিছে প্ৰায় ৩০০ বিঘা মাটিৰ বিশাল এক ভূমিখণ্ড। এতিয়া এই ভূমিখণ্ডৰ চৌপাশে দেৱাল মৰাৰ পিছত আঞ্চলিক বন বিষয়াগৰাকীৰ চকুৰ সন্মুখতে ইয়াত জাল পাতি দৈনিক বিললৈ অহা শ শ পৰিভ্ৰমি চৰাই ধৰি বিক্ৰী কৰাৰ এক মুক্ত অবৈধ অভিযান চলিছে।

এই অভিযানৰ সৈতে অতি স্বাভাৱিক ভাৱেই যে, মাটিৰ গৰাকী শৈলেন কলিতাৰ লগতে বন বিষয়াগৰাকীৰ পৃষ্ঠপোষকতা জড়িত হৈ আছে সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। এই সন্দৰ্ভত স্থানীয় ৰাইজে আঞ্চলিক বন বিষয়াগৰাকীক বহুবাৰ অভিযোগ কৰাৰ পিছতো ফল নধৰাৰ বাবে অৱশেষত বন মন্ত্ৰীকো অভিযোগ দিবলগীয়াত পৰে।

ইয়াৰ পিছত দুদিনমান পূৰ্বে বন বিভাগৰ একাংশ লোকে কেইখনমান জাল ফালি থৈ আহে যদিও ইয়াৰ সৈতে জড়িত চক্ৰটোৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। কেৱল সেয়ে নহয়, জালিসৰা বিলত বালি তোলা মেচিন পাতি লৈ একাংশ লোকে অবৈধভাৱে বালি সংগ্ৰহ কৰাৰ ঘটনাও তেওঁলোকে প্ৰত্যক্ষ কৰে যদিও বালি ভৰ্তি এখন ট্ৰাক জব্দ কৰাতে অভিযান সমাপ্ত কৰে।

তেওঁলোকে আনকি ঐতিহাসিক বিলখনত পাতি লোৱা বালি তোলা মেচিন কেইটাও জব্দ নকৰিলে। উল্লেখ কৰাৰ প্ৰয়োজন যে ইতিহাস প্ৰসিদ্ধ এই জালিসৰা বিলৰ পাৰত ডিমৰীয়া ৰজাই মাঘ বিহুৰ উৰুকাৰ নিশা বিশেষ এক পূজা সম্পাদন কৰাৰ পাছত সমগ্ৰ অঞ্চলৰ ৰাইজে বিলখনত মাছ ধৰাৰ এক প্ৰাচীন পৰম্পৰা চলি আহিছে।

কিন্তু বন বিষয়া আৰু চোৰাং বেপাৰীৰ দপদপনিত এই ঐতিহ্য নিশ্চিহ্ন হোৱাৰ লগতে অঞ্চলটো হৈ পৰিছে পৰিভ্ৰমী চৰাই বন্দী কৰি বিক্ৰী কৰা, বনজ সম্পদৰ চোৰাং বেহাৰ মুক্তস্থলী। এই ঘটনাসন্দৰ্ভত স্থানীয় বিধায়কগৰাকীও অৱগত। অৱশ্যে আজি তেওঁ ৰাইজৰ প্ৰতিবাদত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বাধ্য হয়।

কিন্তু শাসক দলৰে শক্তিশালী বিধায়ক অতুল বৰা(জ্যেষ্ঠ) ৰ এনে প্ৰতিক্ৰিয়াৰ পিছতো বন বিভাগে বৰ্তমানলৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। এনে ঘটনাই স্বাভাৱিকতে দিছপুৰ সমষ্টিৰ ৰাইজক বাৰুকৈয়ে ক্ষুদ্ধ কৰি তুলিছে।