/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/HOW-SUSHMITA-RAY-DIED.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বলবমৰ পৰা উভতি আহোতে পশ্চিমবংগৰ কালচিনিত ভয়াবহ পথ দুৰ্ঘটনাত কোচ ৰাজবংশীৰ উদীয়মান শিল্পী সুস্মিতা ৰায়সহ তেওঁৰ পিতৃ, ককা-আইতাৰ কৰুণ মৃত্যু হোৱাত কোকৰাঝাৰত শোকৰ ছা পৰিছে। পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ কালচিনিৰ সমীপত ৩১নং(গ) ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে সংঘটিত হোৱা এক ভয়াবহ পথ দুৰ্ঘটনাত কোচ ৰাজবংশীৰ উদীয়মান শিল্পী সুস্মিতা ৰায়সহ একেটা পৰিয়ালৰ চাৰিজনৰ কৰুণ মৃত্যু ঘটে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/d0cfa6a2-c866-4f25-ae87-040f0fcfe31a-576x1024.jpg)
বলবমৰ পৰা উভতি আহোতে পশ্চিমবংগৰ আলিপুৰদূৱাৰৰ কালচিনিত তেওঁলোকে ব্যৱহাৰ কৰা চেভ্ৰলেট গাড়ী (নং এএছ-০১বি-ৱাই-০১৮৩)খনক বিপৰীত দিশৰ পৰা অহা এখন ১৮চকীয়া ট্ৰাকে খুন্দামৰাত উক্ত ভয়াৱহ ঘটনাটো সংঘটিত হয়। উক্ত ভয়াৱহ দুৰ্ঘটনাত কোচ ৰাজবংশীৰ উদীয়মান শিল্পী তথা কোকৰাঝাৰ জিলাৰ ছালাকাটি নিৱাসী সুস্মিতা ৰায়, তেওঁৰ পিতৃ ৰাজকুমাৰ ৰায়, তেওঁৰ ককাক আৰু আইতা ক্ৰমে জগেশ কুমাৰ ৰায় আৰু প্ৰমিলা ৰায় নিহত হয়। উক্ত দুৰ্ঘটনাত তেওঁৰ মাতৃ কৈল্যাণী ৰায় আৰু তেওঁৰ ভগ্নী কুমকুম ৰায় আৰু আৰোছী ৰায় গুৰুতৰভাৱে আহত হয় বুলি আৰক্ষীয়ে সদৰি কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/7d7a0df2-534f-44c2-94b2-1fdf52d6bb2a-1024x682.jpg)
আহতসকলক সংকটজনক অৱস্থাত স্হানীয় ৰাইজে উদ্ধাৰ কৰি আলিপুৰদুৱাৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰাইছে। তদুপৰি স্হানীয় আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে আলিপুৰদুৱাৰলৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে, শাওন মাহ উপলক্ষে ৰাজকুমাৰ ৰায়ে তেওঁলোকৰ পৰিয়ালটো লৈ বলবমলৈ গৈছিল। কোকৰাঝাৰৰ ছালাকাটিৰ পৰা তেওঁলোকৰ পৰিয়ালৰ পাঁচজন আৰু পশ্চিমবংগত থকা ৰাজকুমাৰৰ পিতৃ মাতৃক লৈ সাতজনীয়া পৰিয়ালটো বলবমৰ পৰা উভতি আহোতে উক্ত কৰুণ ঘটনাটো সংঘটিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/e81e22a0-5d4c-4847-bf31-fb6090dd7273.jpg)
ছালাকাটিত ইলেকট্ৰনিক সামগ্ৰী (ৰাজ ইলেকট্ৰিকেল)ৰ দোকানাৰে জীৱন নিৰ্বাহ কৰা ৰাজকুমাৰ ৰায়ৰ কন্যা সুস্মিতা ৰায় কোচ ৰাজবংশীৰ এগৰাকী উদীয়মান শিল্পী আছিল আৰু পৰিয়ালটোৰ কৰুণ মৃত্যুত সোমবাৰে ছালাকাটিত স্থানীয় বন্ধ পালন কৰে ব্যৱসায়ীসকলে। আক্ৰাছুৰ ছালাকাটি আঞ্চলিক কমিটিৰ সভাপতি হৰিকান্ত ৰায়ে পৰিয়ালৰ চাৰিজন সদস্যৰ কৰুণ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এয়া কোচ ৰাজবংশী কলা-কৃষ্টি-সংস্কৃতিৰ বাবে গভীৰ ক্ষতি বুলি মন্তব্য কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/edd5a1bf-cec7-4dfa-9273-ff3cab94cfd3-1024x682.jpg)