Published on:
Updated on:
- ৰূপহীহাটত জঘন্য ঘটনা ।
- মানসিক বাধাগ্ৰস্ত এগৰাকী মহিলাক ধৰ্ষন কৰি হত্যা।
- ৰূপহীহাটৰ গুণাবাৰী দলং পাৰত সংঘটিত হৈছে এই নৃশংস ঘটনা।
- নিশা কোনো দুৰ্বৃত্তই এই দুস্কাৰ্য সংঘটিত কৰি দলংপাৰৰ নিৰ্জন ঠাইত মৃতদেহটো পেলাই থৈ যায়।
- মহিলা গৰাকীৰ দেহৰ বিভিন্ন অংশত আঘাতৰ চিন স্পষ্ট।
- পূৱা একাংশ লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
- বৰ্তমানলৈকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱা নাই।
- এগৰাকী মানসিক বাধাগ্ৰস্ত মহিলাক এনেদৰে ধৰ্ষন কৰি হত্যা কৰা কাৰ্যই সমগ্ৰ অঞ্চলটোতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
- মৃত মহিলা গৰাকীৰ ঘৰ ৰূপহীহাটৰ তেলিয়া চাপৰিটুপৰ বুলি ৰাইজে চিনাক্ত কৰে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in