
ডিজিটেল সংবাদ, ধেমাজিঃ অসমৰ গৃহৰক্ষী জোৱান সকলৰ চাকৰি শীঘেই নিয়মীয়াকৰণৰ ব্যৱস্থা কৰা , মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে সমান কামৰ সমান দৰমহা আদায় দিয়া ব্যৱস্থা কৰা আৰু গৃহৰক্ষী জোৱান সকলৰ মকৰলৰ ক্ষেত্ৰত অনলাইন ডেপ্লয়মেন্ট ছিষ্টেম অতি সোনকালে বন্ধ কৰা দাবীত সোমবাৰে পুৱা ৬ বজাৰ পৰা মঙলবাৰৰ পুৱা বিয়লি ৬ বজাৰলৈকে দুদিন ধৰি ধেমাজিত সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যান সন্থাৰ ধেমাজি জিলা সমিতিৰ প্ৰায় দুই শতাধিক গৃহৰক্ষী কৰ্মীয়ে হাতে হাতে বেনাৰ পোষ্টাৰ , প্লে' কাৰ্ড লৈ প্ৰতিবাদ জনাই অসহযোগ আন্দোলন আৰু কৰ্মবিৰতি পালন পাৰে ৷
প্ৰথম দিনাৰ কাৰ্য্যসূচীৰ অন্ততস্হলিতে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷ প্ৰতিবাদী সভাত গৃহৰক্ষী জোৱান অমৃত গগৈয়ে বক্তব্যত তেওঁলোকে দিনে ৰাতিয়ে চৰকাৰী দায়িত্ব পালন কৰি পৰ্য্যায়প্ত পৰিমানৰ
দৰমহা আৰু চাকৰি নিয়মীয়াকৰন কৰিবলৈ চৰকাৰ আৰু গৃহ বিভাগক দাবী জনায় ।
একেদৰে অন্য এগৰাকী গৃহৰক্ষী জোৱান তথা সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যান সন্থাৰ ধেমাজি জিলা সমিতিৰ সাধৰন সম্পাদক পুলকেশ দত্তই বক্তব্যত ৰাজ্যখনৰ কৰ্মৰত সেতাইশ হেজাৰ গৃহৰক্ষী জোৱানে বৰ্তমানেও অতি দুখে কষ্টৰে ৰ'দ-বৰষুণক নেউচিও নিজৰ দায়িত্ব পালন কৰি আহিছে ৷ জোৱান সকলে তেওঁলোকৰ প্ৰাপ্য বিচাৰি বাৰম্বাৰ চৰকাৰক দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত চৰকাৰে কোনো গুৰুত্ব দিয়া নাই ৷
বিজেপি চৰকাৰৰ দিনত বহুবাৰকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ ধৰি আবেদন – নিবেদন কৰা সত্বেও তেওঁলোকে কেৱল কৰি দিম বুলি প্ৰতিশ্ৰুতি দিয়া বাদে একোৱে নকৰিলে ৷ বক্তব্যত গৃহৰক্ষী জোৱান দত্তই তেওঁলোকক দৈনিক তিনিশ টকাকৈ মাহেকত ৯ হেজাৰ টকাৰে পৰিয়ালটো ভৰন পোষন দিয়া ক্ষেত্ৰত ব্যাপক সমস্যা সৃষ্টি হৈছে৷
অতিকৈ দুখজনক বিষয়টো হৈছে যে বছৰ বছৰ ধৰি কাম কৰি থকা পিছতো গৃহৰক্ষী জোৱান সকলৰ চাকৰি ছয় মাহ কৰিবলৈ দি আকৌ ছয় মাহ কাম কৰিবলৈ নিদিয়াকৈ ৰাখি থয় বুলিও অভিযোগ কৰে ৷এই গৃহৰক্ষী জোৱান সকলৰ প্ৰতি কোনো এখন চৰকাৰেই সহানুভূতি নাই বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে ৷ যদি অতি শীঘ্ৰেই চৰকাৰে তেওঁলোকৰ দাবী সমূহ মানি নলয় তেন্তে আগুন্তুুক দিনত ইয়াতকৈ অধিক দিঘলীয়া আন্দোলনৰ কাৰ্য্যসূচী ল'বলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে ৷