গৃহৰক্ষীৰ সপোন ধুলিস্যাৎ, বাজেটত গৃহৰক্ষীক প্ৰতাৰণাৰ অভিযোগ…

গৃহৰক্ষীৰ সপোন ধুলিস্যাৎ, বাজেটত গৃহৰক্ষীক প্ৰতাৰণাৰ অভিযোগ…

author-image
asomiyapratidin
New Update
গৃহৰক্ষীৰ সপোন ধুলিস্যাৎ, বাজেটত গৃহৰক্ষীক প্ৰতাৰণাৰ অভিযোগ…

ডিজিটে সংবাদ,কোকৰাঝাৰঃ অসমৰ ২৭ হাজাৰ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানৰ কল্যাণৰ বাবে বাজেটত একো কথা অন্তৰ্ভূক্ত নকৰাত ক্ষুব্ধ হৈ পৰিছে গৃহৰক্ষী জোৱানসকল। শনিবাৰে কোকৰাঝাৰত সদৌ অসম গৃহৰক্ষী সেচ্ছাসেৱক কল্যাণ সন্থাৰ পৰ্যবেক্ষক চুদু আলি আৰু সংগঠনটোৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ছাহাদক হুছেইনে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

Advertisment

অসমত থকা ২৭ হাজাৰ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানক বাৰে বাৰে প্ৰতাৰণা কৰা হৈছে বুলি মন্তব্য কৰি আন ৰাজ্যত গৃহৰক্ষী জোৱান সকলে বহু সা-সুবিধা লাভ কৰাৰ বিপৰীতে অসমত দিনে ৩০০ টকাত কাম কৰিব লগা হোৱাত ক্ষোভ প্ৰকাশ কৰে।

সকলো চাকৰিয়াল দৰমহা বাঢ়িল,বোনাচ বাঢ়িল,চাহ শ্ৰমিকৰ মজুৰি বাঢ়িল আনকি ঠেলা চালক, ৰিক্সা চালকেই প্ৰতিদিনে এক হাজাৰ টকাৰ ওপৰত আয় কৰে কিন্তু গৃহৰক্ষীসকল ৩০০ টকাতেই সীমাৱদ্ধ কৰি ৰখাক লৈ অসম চৰকাৰক তেওঁলোকে প্ৰশ্ন কৰে।

 ব্যাপক হাৰত হোৱা মুল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত গৃহৰক্ষীৰ বাবে প্ৰতিদিনে ৩০০ টকা নিচেই নগন্য বুলি মন্তব্যৰে কৰি গৃহৰক্ষী সন্থাৰ নেতা দুগৰাকীয়ে কয় যে গৃহৰক্ষীৰ সমস্যা সমাধানৰ বাবে জনতা ভৱনত দুবাৰকৈ আলোচনা কৰা হ'ল যদিও চৰকাৰৰ সকলো প্ৰতিশ্ৰুতি কিন্তু অসাৰ হৈ ৰল ।

 গৃহৰক্ষী জোৱানৰ সমস্যা সমাধানৰ বাবে উৰ্ধতন কৰ্তৃপক্ষই একোৱেই মাত নামাতে বুলি ক্ষোভ প্ৰকাশ কৰি অহা বুধবাৰৰ ভিতৰত গৃহৰক্ষীৰ দৰমহা বৃদ্ধি আৰু চাকৰি নিয়মীয়াকৰণৰ সমস্যা সমাধান ন'হলে অসহযোগ , কৰ্মবিৰতি পালন কৰাৰ লগতে ৰাজপথ উত্তাল কৰা হব বুলি সকিয়নি প্ৰদান কৰিছে সদৌ অসম গৃহৰক্ষী সেচ্ছাসেৱক কল্যাণ সন্থাৰ পৰ্যবেক্ষক চুদু আলি আৰু সংগঠনটোৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ছাহাদক হুছেইনে । শনিবাৰৰ কাৰ্যসূচীত সদৌ অসম গৃহৰক্ষী সেচ্ছাসেৱক কল্যাণ সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি ৰেহু নাৰ্জাৰীৰ লগতে আন কেবাগৰাকী গৃহৰক্ষীৰ জোৱান উপস্থিত আছিল ।