হোমেন বৰগোহাঞি সোঁৱৰণী প্ৰবন্ধ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ চন্দোৎপল গগৈ…

হোমেন বৰগোহাঞি সোঁৱৰণী প্ৰবন্ধ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ চন্দোৎপল গগৈ…

author-image
asomiyapratidin
New Update
হোমেন বৰগোহাঞি সোঁৱৰণী প্ৰবন্ধ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ চন্দোৎপল গগৈ…

ডিজিটেল সংবাদ, কলিয়াবৰ: কথা-শিল্পী, স্বনামধন্য সাংবাদিক, প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিৰ স্মৃতিত আৰু কোৰোনা জৰ্জৰিত ছাত্ৰ-ছাত্ৰী সকলক সৃষ্টিশীল কামত জড়িত কৰাৰ মানসৰে কলিয়াবৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আয়োজিত সদৌ অসম ভিত্তিত "হোমেন বৰগোহাঞিৰ সাহিত্যত জীৱনবোধ" শীৰ্ষক প্ৰবন্ধ প্ৰতিযোগীতা খনিৰ শ্ৰেষ্ঠ প্ৰতযোগীৰ খিতাপ অৰ্জন কৰিছে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পঞ্চম ষান্মানিকৰ ছাত্ৰ ছন্দোৎপল গগৈয়ে ৷

Advertisment

ছন্দোৎপল গগৈ কলিয়াবৰ শিলঘাট নিবাসী বাবুল গগৈ আৰু দেইজি গগৈৰ একমাত্ৰ পুত্ৰ ৷ অসমৰ কেইৱাখনো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ প্ৰায় পঞ্চাশ গৰাকী স্নাতক পৰ্যায়ৰ ছাত্ৰ – ছাত্ৰীয়ে অংশগ্ৰহণ কৰা বুধবাৰে ঘোষিত প্ৰতিযোগিতা খনিৰ দ্বিতীয় আৰু তৃতীয় স্হান দখল কৰে ক্ৰমে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ প্ৰথম ষান্মানিকৰ ছাত্ৰী জ্যোতিস্মিতা ভাগৱতী আৰু নগাঁও মহাবিদ্যালয়ৰ পঞ্চম ষান্মানিকৰ ছাত্ৰ ত্ৰিদীপ বৰাই ৷ প্ৰবন্ধ প্ৰতিযোগিতাৰ তিনিটা স্হান অধিকাৰী ছাত্ৰ-ছাত্ৰীক ক্ৰমে ৩০০০ টকা, ২০০০ টকা আৰু ১০০০ টকাৰ কিতাপৰ টোপোলা ৰ পুৰস্কাৰ আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰা হ'ব বুলি উদ্যোক্তা মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ হিৰণ্য কুমাৰ চলিহাই জানিবলৈ দিয়ে ৷