/asomiyapratidin/media/media_files/2025/10/04/1-2025-10-04-16-18-24.jpg)
ডিজিটেল সংবাদ,ডবকাঃ হোজাই জিলাৰ ডবকাৰ এগৰাকী প্ৰতিবন্ধী লোকৰ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহৰ ধন কৌশলেৰে এখন গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰে আত্মসাৎ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
প্ৰাপ্ত বাতৰি মতে, ডবকা আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম জাৰুনীৰ মৃত আব্দুল কাদিৰৰ প্ৰতিবন্ধী পুত্ৰ কফিল উদ্দিনে প্ৰধান মন্ত্ৰী আবাস যোজনাৰ গৃহ লাভ কৰিছে ৷ কফিল উদ্দিনৰ পত্নীও মূকবধিৰ। দৰিদ্ৰ প্ৰতিবন্ধী কফিল উদ্দিনে ডবকা পঞ্জাব নেচনেল বেংকৰ অধিনত থকা কাচাৰি পৰা এলেকাৰ গ্ৰাহক সেৱা কেন্দ্ৰ কোড নং ২৩/৯৩ ত এটি একাউন্ট খুলি নিয়মীয়াকৈ ধনৰ লেনদেন কৰি আহিছে ৷
প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ধনো উক্ত একাউন্ট যোগে টকা উদ্ৰ কৰে যদিও ছি এছ পিৰ স্বত্বাধিকাৰ আৰু পৰিচালনা কৰা দুই ব্যক্তি মিজানুৰ ৰহমান লস্কৰ আৰু কমৰুলে মিলি কৌশলেৰে প্ৰতিবন্ধী লোক জনৰ ১৭ হাজাৰ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি ডবকা থানাত এক এজাহাৰ দাখিল কৰিছে ৷
আজি দিনৰ ভাগত ডবকা আৰক্ষীয়ে কেঞ্চিবজাৰত থকা গ্ৰাহক সেৱা কেন্দ্ৰত তদন্তৰ বাবে যায় যদিও দুই পৰিচালক আৰক্ষী যোৱাৰ উমান পায় পলায়ন কৰে ৷ দীৰ্ঘ কেবা বছৰৰ পৰা কাচাৰিপাৰা এলেকাৰ গ্ৰাহক সেৱা কেন্দ্ৰ খন নমাটি কেঞ্চিবাজাৰ স্থাপন কৰি আৰু বহু লোকৰ জবকাৰ্ডৰ ধন, প্ৰধানমন্ত্ৰী আবাস যোজনা গৃহৰ ধন কৌশলগত ভাৱে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
দুখীয়া দৰিদ্ৰ লোকৰ প্ৰধান মন্ত্ৰী আবাস গৃহৰ ধন কোনোবাই আত্মসাৎ কৰিলে মুখ্যমন্ত্ৰীয়ে কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছে যদিও এই ক্ষেত্ৰত ডবকা আৰক্ষী আৰু পাঞ্চাৱ নেচনেল বেংক কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষনীয় হব৷