লামডিং আৰক্ষীৰ জালত ২ নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী...

লামডিং আৰক্ষীৰ জালত ২ নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী...

author-image
Asomiya Pratidin
New Update
লামডিং আৰক্ষীৰ জালত ২ নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী...

ডিজিটেল সংবাদ,লামডিং: লামডিঙত ড্ৰাগছৰ অবাধ প্ৰচলন বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি সজাগ হৈছে আৰক্ষী-প্ৰশাসন। লামডিং আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰী ৰছিদ আহমেদ আৰু সুমিত দাসক।আটকাধীন দুই অভিযুক্ত লামডিঙৰ বুলি জানিব পৰা গৈছে।

Advertisment

আৰক্ষীয়ে লামডিং জৰংদিচাৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি থকাৰ সময়ত দুই যুৱকক আটক কৰে।আৰক্ষীয়ে দুয়োজনৰ পৰা প্ৰায় ১৫ গ্ৰাম ড্ৰাগছ জব্দ কৰে।উল্লেখ্য যে, লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন জ্যেতি বৰাৰ নেতৃত্বত চলাইছিল এই অভিযান।

Also Read: 'অমৰনাথ যাত্ৰা'ৰ তীৰ্থযাত্ৰী কঢ়িওৱা বাছৰ ব্ৰেইক ফেইলঃ কেইবাজনো আহত...

lamding drugs paddler