ডিজিটেল সংবাদ, ডবকাঃ হোজাই জিলাৰ নীলবাগানত পুনৰ অবৈধ গাড়ী পাৰ্কিঙক লৈ ভয়ংকৰ মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে পৰিস্থিতি উত্তপ্ত হৈ পৰে। উত্তেজিত লোকে হাতে হাতে লাঠি, বাটাম লৈ এটা পক্ষই আনটো পক্ষক খেদি খেদি ভয়ংকৰ আক্ৰমণ কৰা পৰিলক্ষিত হয়৷ দুয়োটা পক্ষৰ কেবাজন লোক গুৰুতৰভাৱে আহত হৈ পৰে৷ এক যুদ্ধসদৃশ পৰিবেশ সৃষ্টি হয় নীলবাগান বজাৰৰ মাজমজিয়াত। দুয়ো পক্ষৰ কেবাজন লোক আহত হয় যদিও চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
নীলবাগান আৰক্ষী আৰু মোৰাঝাৰ আৰক্ষীয়ে খবৰ লাভ কৰি ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷গুৰুতৰভাৱে আহত সকলক তথাতিয়াকৈ মোৰাঝাৰ আৰক্ষীয়ে উদ্ধাৰ কৰি প্ৰেৰণ কৰে চিকিৎসালয়ত। হাতে হাতে লাঠি, বাটাম লৈ আক্ৰমণ প্ৰত্যাক্ৰমণৰ ভয়ংকৰ ঘটনাই উদ্বেগ প্ৰকাশ কৰিছে নীলবাগানৰ সচেতন মহলে। গড়কপ্টানী পথৰ উপৰত পি ডব্লিউ ডিৰ ভূমিত থকা অবৈধ গাড়ী পাৰ্কিঙক কেন্দ্ৰ কৰি মাৰপিটৰ সুত্ৰপাত ঘটে বুলি জানিব পৰা গৈছে৷
পথৰ ওপৰত দুয়োকাষে ই ৰিক্সা , অট', মেজিক আদি থকাৰ ফলত প্ৰায় সময়ত পথচাৰি সাধাৰন জনতা অহা যোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা বুলি অভিযোগ উঠিছে। পথৰ দুয়োকাষে ই ৰিক্সা ৰখাই থোৱাৰ ফলত আব্দুল কুদ্দুছ নামৰ এজন লোকে তেওঁৰ চাৰি চকীয়া বাহনেৰে পাৰ হোৱাৰ সময়ত গাড়ীখনৰ ক্ষতি সাধন হোৱাক লৈ মাৰপিটৰ ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে৷ দুয়োটা পক্ষয় মোৰাঝাৰ আৰক্ষী থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ৷
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে একেটা স্থানতেই হাতে হাতে লাটি আদিৰে মৰেল পুলিচিঙিৰ দৰে ভয়কৰ ঘটনা সংঘটিত হৈছিল৷ আইন হাতত তুলি মাৰপিট কৰি সমাজ খন অস্তিৰ কৰা দুয়োটা পক্ষৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে শাস্তি মুলক ব্যাৱস্থা গ্ৰহন কৰিব বুলি সচেতন লোকে আশা প্ৰকাশ কৰিছে৷ সামান্য কথাতেই মাৰপিটৰ হাতে হাতে লাঠি জং, বাটাম লৈ মাৰপিট কৰি পৰিবেশ অস্তিৰ কৰা ঘটনা হোজাই জিলাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰাত সচেতন নহ'লেও উদ্বেগ প্ৰকাশ কৰিছে৷