হোজাইৰ ৰাজপথত মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ পৰিয়ালৰ লোকৰ

হোজাইৰ ৰাজপথত মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ পৰিয়ালৰ লোকৰ

author-image
asomiyapratidin
New Update
হোজাইৰ ৰাজপথত মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ পৰিয়ালৰ লোকৰ

ডিজিটেল সংবাদ, হোজাইঃ হোজাইৰ মিলিকবস্তি গাঁৱৰ পথৰ দাঁতিত উদ্ধাৰ হৈছে কঠিয়াতলীৰ দীনেশৰ কুৰ্মী নামৰ ব্যক্তিগৰাকীৰ মৃতদেহ। দীনেশে দেওবাৰে গোলাঘাটৰ সৰুপথাৰত থকা পত্নীৰ ঘৰলৈ গৈছিল।মঙলবাৰে ঘৰলৈ বুলি উভতি অহাৰ পথত ৰহস্যজনকভাৱে হোজাই ষ্টেচনৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগৰ মিলিক বস্তি গাঁৱত মৃতদেহ উদ্ধাৰ হোৱাত ঘটনাটো হত্যাকাণ্ড বুলি অভিযোগ তুলিছে পৰিয়ালৰ লোকে।

Advertisment

ডিঙিত আঘাতৰ চিন স্পষ্ট হোৱাৰ বাবে কোনোবাই হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ যোৱাৰ সন্দেহ কৰি পৰিয়ালৰ লোকে হোজাই থানাত এক গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰিয়ালৰ মতে মৃতদেহ উদ্ধাৰ হোৱা গাঁওখনত কোনো চিনাকি মানুহ নথকাকৈ কেনেকৈ দীনেশৰ মৃতদেহ গাঁওখনৰ পথৰ দাঁতিত উদ্ধাৰ হ'ল ই ৰহস্যৰ বিষয়। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।