হোজাইত বিজেপি সভাপতিৰ সংবাদমেল…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, হোজাই: লংকা খেল পথাৰত শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত প্ৰাগ চেনেলৰ নিৰ্বাচনী ৰণডংকা অনুষ্ঠানত কংগ্ৰেছৰ গুণ্ডাবাহিনীয়ে বিজেপি দলৰ মহিলা কৰ্মী সকলক অপদস্ত চলোৱাৰ প্ৰসংগ উত্থাপন কৰি অসমত কংগ্ৰেছৰ চৰকাৰ হ'লে অসমৰ মহিলা সকল সুৰক্ষিত থাকিব নোৱাৰে বুলি শনিবাৰে হোজাই চহৰৰ বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি বিজেপিৰ হোজাই জিলা সভাপতি অনুপ দেৱে এই মন্তব্য কৰে।

নিৰ্বাচনী ৰণডংকা অনুষ্ঠানত বিজেপি, কংগ্ৰেছ, ৰাইজৰ দল, এভিবিপি, আছু সহ বিভিন্ন ৰাজনৈতিক -অৰাজনৈতিক দলক আমন্ত্ৰণ জনোৱা হৈছিল। কাৰ্যসূচী চলি থকাৰ সময়তে অনুষ্ঠানত জিলা সভাপতি অনুপ দেৱে শাসকীয় দলৰ বিভিন্ন উন্নয়ন মূলক কৰ্মৰ খতিয়ান দাঙি ধৰি থকাৰ সময়তে মহাজোটৰ সমৰ্থক সকলে এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰি বিজেপি কৰ্মীৰ লগত হতাহতিত লিপ্ত হয়। উদালি, নকুটি অঞ্চলৰ পৰা অহা কংগ্ৰেছ মহাজোটৰ গুণ্ডাবাহিনীয়ে বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণ চলোৱাত হোজাই গোলাঘটিয়া বস্তিৰ পৰিমল শীলৰ পুত্ৰ হিমাংশু শীল ওৰফে বাপ্পী নামৰ কৰ্মী গৰাকীৰ কপালত আঘাত হোৱাত চিলাই দিব লগা হয় বুলি জিলা সভাপতিয়ে সংবাদ মেলত উল্লেখ্য কৰে ।

মহাজোটৰ গুণ্ডাবাহিনীয়ে অনুষ্ঠানত উপস্থিত থকা বিজেপিৰ মহিলা কৰ্মী সকলকো আক্ৰমণৰ লক্ষ্য কৰাত বহু কেইগৰাকীমান মহিলা কিছু পৰিমানে আঘাতপ্ৰাপ্ত হয়। সংবাদমেলত জিলা সভাপতি গৰাকীয়ে কয় কংগ্ৰেছৰ মহাজোটৰ কৰ্মী সকলে নিৰ্বাচনৰ আগতেই গুণ্ডামী আৰম্ভ কৰিছে আৰু জিকিলে তেওঁলোকে আৰু কি কি নকৰিব। ফলত এনেবোৰ কাৰণতে মহাজোটৰ কংগ্ৰেছ প্ৰাৰ্থী জনৰ বিপক্ষত হোজাইত শান্তিৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক সমৰ্থন জনাবলৈ হোজাই বাসীক আহ্বান জনায়।

শুকুৰবাৰৰ এই ঘটনা সন্দৰ্ভত লংকা আৰক্ষীক কংগ্ৰেছৰ মহাজোটৰ সমৰ্থক সুপ্ৰতিম কৰ, মাল্টি চৌধুৰী, ৱাহিদ, ইমতিয়াজ চৌধুৰী শ্বহীদ আহমেদ, ইমৰণ হুছেইন , মুকুট দেৱ গোস্বামী, হেমেন্দু ভট্টাচাৰ্য, ৰাজু চক্ৰৱৰ্তীৰ বিৰুদ্ধে হিমাংশুয়ে এজাহাৰ দাখিল কৰা হৈছে বুলি সংবাদমেলত জনায়। সংবাদমেলত উপস্থিত সাংবাদিক সকলে বিধায়ক শিলাদিত্যৰ সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত জিলা সভাপতি জনে কয় হোজাই বিজেপিত কোনো ফৈদ নাই , প্ৰাক্তন জিলা সভাপতি সকলে এতিয়া দলীয় প্ৰাৰ্থীৰ হৈ কাম কৰি আছে । কালি অনুষ্ঠিত বুথ সমিতিৰ বৈঠকত সকলোকে কাম ভগাই দিয়া হৈছে।

বিধায়ক শিলাদিত্যৰ সন্দৰ্ভত জিলা সভাপতিজনে তেওঁৰ ব্যক্তিগত অসুবিধাৰ বাবে কিছু জিৰণি লৈছে যদিও বিভিন্ন ক্ষেত্ৰত বিধায়ক জনৰ লগত যোগাযোগ চলি আছে। বিজেপি প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ডাঃ অৰ্ধেন্দু কুমাৰ দেক দলে কিবা দ্বায়িত্ব প্ৰদান কৰিছে নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত জিলা সভাপতি জনে প্ৰাক্তন বিধায়ক জনক বৰ্তমান কোনো দ্বায়িত্ব প্ৰদান কৰা হোৱা নাই তেওঁ আমাৰ লগত প্ৰচাৰ চলাব বুলি জিলা সভাপতি জনে মন্তব্য কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in