ইফটাৰত হিন্দু ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰি দেখুৱালে সম্প্ৰীতিৰ নিদৰ্শন

ৰমজান মাহৰ ২৪ নম্বৰ ইফটাৰ দিনটোত দেখিবলৈ পোৱা গ'ল সম্প্ৰীতিৰ নিদৰ্শন। দেৰগাঁৱৰ ঐতিহাসিক নাহৰণী-মাজগাঁৱৰ সমূহ ৰাইজৰ সহযোগত মাজগাঁৱৰ গাঁওৰক্ষী বাহিনীয়ে মাজগাঁৱৰ খেলপথাৰত অনুষ্ঠিত কৰে সমূহীয়া ইফটাৰ অনুষ্ঠান।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
সম্প্ৰীতিৰ নিদৰ্শন

সম্প্ৰীতিৰ নিদৰ্শন

ডিজিটেল সংবাদ, দেৰগাঁও: পবিত্ৰ ৰমজান মাহৰ ২৪ নম্বৰ ইফটাৰ দিনটোত দেখিবলৈ পোৱা গ'ল সম্প্ৰীতিৰ নিদৰ্শন। দেৰগাঁৱৰ ঐতিহাসিক নাহৰণী-মাজগাঁৱৰ সমূহ ৰাইজৰ সহযোগত মাজগাঁৱৰ গাঁওৰক্ষী বাহিনীয়ে মাজগাঁৱৰ খেলপথাৰত অনুষ্ঠিত কৰে সমূহীয়া ইফটাৰ অনুষ্ঠান। এই ইফটাৰ অনুষ্ঠানত মঙলবাৰে বহু কেইজন হিন্দু ধৰ্মাৱলম্বী লোকেও অংশগ্ৰহণ কৰি দাঙি ধৰে এক সমন্বয় আৰু সম্প্ৰতিৰ নিদৰ্শন । 

Advertisment

কাকডোঙাৰ সমাজকৰ্মী ৰুবুল শইকীয়া ,নিৰঞ্চণ বৰা ,সাংবাদিক পলাশ বৰাকে ধৰি বহুতো হিন্দু লোকে মুছলমান লাকৰ সমানে বহি পবিত্ৰ সমূহীয়া ইফটাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। নাহৰণী-মাজগাঁৱৰ এইসকল লোকৰ সম্প্ৰতিৰ নিদৰ্শনে সমাজলৈ সুন্দৰ বাৰ্তা দিয়া পৰিলক্ষিত হয়। 

ইফালে ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ বাকৰিত মুখ্য সঞ্চালক ছিৰাজউদ্দিন আহমদৰ উদ্যোগত প্ৰতিবছৰে পৰম্পৰাগতভাৱে ইছলাম ধৰ্মাৱলম্বীৰ লগতে বহু হিন্দু লোকৰ উপস্থিতিৰে ইফতাৰ পালন কৰি আহিছে। মঙলবাৰে ৫ বাজি ৩৩ মিনিটত প্ৰায় সাত শতাধিক লোকে ইফতাৰ গ্ৰহণ কৰে। 

ইফটাৰ ঈদ