অসমৰ পৰা নিৰ্মাণ হ’ব হিন্দী চিনেমা ‘মৃগয়া’...

‘মৃগয়া’ৰ মুহুৰত জ্যোতি চিত্ৰবনত অহা ১৪ আগষ্টত
অসমৰ পৰা নিৰ্মাণ হ’ব হিন্দী চিনেমা ‘মৃগয়া’...
Published on
Updated on

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ অসমৰ চিনেমা উদ্যোগটোৱে বহুখিনি আশাৰ বতৰা কঢ়িয়াই আনিছে। এখনৰ পাছত আন এখন উন্নত মানৰ চিনেমাই দৰ্শকসকলক মনোৰঞ্জন দিয়াৰ লগতে প্ৰযোজকসকলকো আশাবাদী কৰি তুলিছে। অনাগত সময়ত অসমীয়া প্ৰযোজকে অসমীয়াৰ লগতে হিন্দী ভাষাতো চিনেমা নিৰ্মাণ কৰি সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পাইছে।

তেনে সময়তে অসমৰ পৰা এখন হিন্দী আৰু চাদ্ৰী ভাষাত চিনেমা নিৰ্মাণৰ কাম আৰম্ভ হৈছে। ‘মৃগয়া’ নামৰ চিনেমাখনৰ প্ৰাৰম্ভিক কামকাজ ইতিমধ্যেই আৰম্ভ হৈ গৈছে। ডিকেএছ ইণ্টাৰনেছনেল এণ্ড ডিপি ইণ্টাৰনেছনেলৰ বেনাৰত দেবাশিস মণ্ডল আৰু প্ৰকাশ দাসৰ প্ৰযোজনাৰে নিৰ্মাণ হৈ থকা চিনেমাখনৰ কাহিনী,চিত্ৰনাট্য,সংলাপ আৰু পৰিচালনা দেবাশিস মণ্ডলৰ।

অহা ১৪ আগষ্টত জ্যোতি চিত্ৰবনত বিয়লি ৪ বজাত মুহুৰত হ’বলগীয়া ‘মৃগয়া’ত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হৈছে অসমীয়া চিনেমাৰ লগতে হিন্দী চিনেমাৰো এগৰাকী ব্যস্ত অভিনেতা অসম সন্তান বাহাৰুল ইছলাম, মোহময়ী যুৱ অভিনেত্ৰী ধ্যানী মহন আৰু নায়কৰ ভুমিকাত অভিনয় কৰিব দক্ষিণৰ প্ৰতিভাশালী অভিনেতা মানিয়ে। এই চিনেমাখনৰ ক্ৰিয়েটিভ ডিৰেক্টৰ হৈছে নাৰায়ণ শীল। ডিৰেক্টৰ অৱ ফটোগ্ৰাফী সঞ্জয় ঘোষ আৰু চিনেমাখনৰ সংগীত পৰিচালনা কৰিব সুবিল বাৰ্গে।

অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত শ্বুটিং হ’বলগীয়া চিনেমাখনে ভাৰতীয় মূল সুতিৰ চিনেমাৰ ধাৰাটোত এক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী হৈ পৰিছে প্ৰযোজক পৰিচালক সমন্বিতে মৃগয়াৰ সৈতে জৰিত কুশলীসকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in