কবিতা লিখাৰ বাবে কাৰাগাৰলৈ যোৱা নাই বৰ্ষাশ্ৰী:মুখ্যমন্ত্ৰী

কবিতা লিখাৰ বাবে কাৰাগাৰলৈ যোৱা নাই বৰ্ষাশ্ৰী:মুখ্যমন্ত্ৰী

author-image
asomiyapratidin
New Update
কবিতা লিখাৰ বাবে কাৰাগাৰলৈ যোৱা নাই বৰ্ষাশ্ৰী:মুখ্যমন্ত্ৰী

বৰ্ষাশ্ৰী বুঢ়াগোহাঁই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৰঙিয়া আৰু তামুলপুৰত বান পৰিস্থিতিৰ বুজ লবলৈ গৈ মুখ্যমন্ত্ৰীয়ে কয় যে-'পৰীক্ষা দিব পাৰিব বৰ্ষাশ্ৰীয়ে।কবিতা লিখাৰ বাবে কাৰাগাৰলৈ যোৱা নাই বৰ্ষাশ্ৰী বুঢ়াগোহাঁই।কবিতা লিখাৰ লগত কাৰাগাৰলৈ যোৱাৰ কোনো সম্পৰ্ক নাই'।

'আলফালৈ যাম বুলি কোৱা বাবে আৰু বাৰে বাৰে ৰাষ্ট্ৰদ্ৰোহ কৰিম বুলি কোৱাৰ বাবে কাৰাগাৰলৈ গৈছে বৰ্ষাশ্ৰী।একাংশই চছিয়েল মিডিয়াত ভূলকৈ প্ৰচাৰ কৰিছে।তাই নিজৰ ছোৱালী,তাইক বচাব লাগিব।কবিতাৰ পাকচক্ৰত পৰি মানুহৰ নিৰাপত্তাৰ লগত খেলিব নোৱাৰি।আলফালৈ যোৱাৰ পাছত ৪২ গৰাকীৰ মৃত্যু হৈছে কেম্পত'।

ইফালে গোলাঘাট উচ্চ ন্যায়ালয়ে ৰায় দান কৰিছে যে কাৰাগাৰত থাকিও পৰীক্ষা দিব পাৰিব বৰ্ষাশ্ৰীয়ে।কটকটিয়া নিৰাপত্তা বেষ্টনীৰ মাজত পৰীক্ষা দিব পাৰিব বৰ্ষাশ্ৰীয়ে।

আৰু পঢ়ক:গৰাখহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা প্ৰকল্প সমূহ পৰিদৰ্শন মন্ত্ৰী হাজৰিকাৰ…

HimantaBiswasharma assam NewzNow