Advertisment

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ, এতিয়াৰে পৰা লকডাউনৰ সময়তো আপুনি আহিব পাৰিব অসমলৈ, পঢ়ক সবিশেষ…

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ, এতিয়াৰে পৰা লকডাউনৰ সময়তো আপুনি আহিব পাৰিব অসমলৈ, পঢ়ক সবিশেষ…

author-image
asomiyapratidin
New Update
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল, LIVE

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ শনিবাৰে এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। বহিঃৰাজ্যৰ পৰা আহিব খোজা লোকসকলৰ প্ৰসংগত কেবাটাও গুৰুত্বপূ্ৰ্ণ নিৰ্দেশনা আগবঢ়াই মন্ত্ৰীগৰাকীয়ে। assamtransportrelief@gmail.com যোগে নিজে নিজে গাড়ী লৈ আহিব খোজা লোকসকলে মেইল কৰি জনাব পাৰিব।

Advertisment

নিজে বাছ, টেক্সি আজিত আহিব খুজিলে মেইল কৰিব পাৰিব। এই মেইলতে পাছ প্ৰেৰণ কৰিব চৰকাৰে। ইয়াৰ লগতে বহিঃৰাজ্যৰ পৰা আহিব খোজা লোকসকলে মিছকল দিব লাগিব এটা নম্বৰত। সেই নম্বৰটো হৈছে 7428159966। শনিবাৰৰ পৰা এই নম্বৰ কাৰ্যকৰী হ'ব। এই নম্বৰত এবাৰ মিছকল দিলেই হ'ব।

মিছকলৰ পিছত অপেক্ষা কৰিব লাগিব ৪৮ ঘন্টা। তাৰ পিছতে সেই নম্বৰত এটা লিংক প্ৰেৰণ কৰা হ'ব। সেই লিংকত পুৰন কৰিব লাগিব ক'ৰ পৰা ক'লৈ যাব খোজে সেই তথ্য। ইফালে ২০০০ টকাৰ বাবে যিসকলে পূ্ৰ্বতে চৰকাৰৰ সৈতে যোগাযোগ কৰিছিল তেওঁলোকে মিছকল নিদিলেও হ'ব। অসম আৰক্ষীয়ে তদাৰক কৰিব এই প্ৰক্ৰিয়া। অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং আৰু হৰমিট সিং ইয়াৰ নডাল বিষয়া। উল্লেখ্য যে, চৰকাৰী ব্যৱস্থাৰে আহিব খোজা লোকসকলে এই নম্বৰত মিছকল দিব লাগিব।

লগতে যিসকল লোকে অসমলৈ এতিয়া ঘূৰি আহিব নুখুজে তেওঁলোকক চৰকাৰে মাহিলী প্ৰতিমাহে যেতিয়ালৈকে কোৰোনা কেন্দ্ৰীক পৰিস্থিতি স্বাভাৱিক নহয় তেতিয়ালৈকে ২০০০ কৈ টকা দিব। বাহিৰৰ পৰা যিসকল লোক অসমলৈ আহিব সেই সকল লোকক সীমান্তৰ শ্ৰীৰামপুৰ আৰু বক্সিহাটত থকা এটা দলে স্বাস্থ্য পৰীক্ষা কৰিব। সেইসকল লোকক কোকৰাঝাৰৰ সাই ষ্টেডিয়ামলৈ নি পঞ্জীয়ন কৰাৰ পিছত যিসকলৰ স্বাস্থ্য ভাল থাকিব তেওঁলোকক হ'ম কোৱাৰেন্টাইনলৈ ষ্টাম্প মাৰি প্ৰেৰণ কৰিব। আৰু এটা অনলাইন পৰ্টেলত সেই কথা ৰেক'ৰ্ড হ'ব।

সেই অনুসৰি নিৰ্দিষ্ট জিলাসমূহৰ ডিচিসকলে তেওঁলোকৰ জিলালৈ হ'ম কোৱাৰেন্টাইনৰ বাবে কিমান লোক যাব সেই কথা জানিব পাৰিব। যিসকলৰ স্বাস্থ্য বেয়া হ'ব অথবা উপসৰ্গ দেখিব তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰি নিৰ্দিষ্ট সময়লৈকে ডাক্তৰৰ তত্বাৱধানত ৰাখিব।

লগতে যিসকল লোকে চৰকাৰী কোৱাৰেন্টাইনত থাকিব নিবিচাৰে তেওঁলোকক হোটেলত নিজা খৰচত ৰাখিবলৈও চৰকাৰে ব্যৱস্থা কৰিব। নিজা খৰচ অনুসৰি কোনো লোকে ভালকৈ থাকিব বিচাৰিলেও থাকিব পাৰিব। কম দামী হোটেলৰ পৰা ৰেডিচন ব্লু পৰ্যন্ত হোটেলৰ সৈতে চৰকাৰে আলোচনা কৰিব।ইফালে অসমত লকডাউনৰ ক্ষেত্ৰত থকা নীতি নিৰ্দেশনা দেওবাৰে চৰকাৰে সদৰি কৰিব।