Advertisment

ৰাজ্যৰ স্বাস্থ্যখণ্ড, কোভিড, কন্যা ভ্ৰুণ, এ পি এছ চি, ভাষ বিতৰ্ক সকলো বিষয় সামৰি মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত কি ক’লে…

ৰাজ্যৰ স্বাস্থ্যখণ্ড, কোভিড, কন্যা ভ্ৰুণ, এ পি এছ চি, ভাষ বিতৰ্ক সকলো বিষয় সামৰি মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত কি ক’লে…

author-image
asomiyapratidin
New Update
ৰাজ্যৰ স্বাস্থ্যখণ্ড, কোভিড, কন্যা ভ্ৰুণ, এ পি এছ চি, ভাষ বিতৰ্ক সকলো বিষয় সামৰি মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত কি ক’লে…

  • খানাপাৰাৰ প্ৰশাসনীয় পদাধিকাৰ মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল।
  • ১০০ শতাংশ কোভিড ভেকচিন প্ৰদানৰ লক্ষ্য চৰকাৰৰ।
  • ১ কোটি ১৫ লাখ ৫৯ হাজাৰ দ্বিতীয় পালি কোভিড প্ৰদান।
  • ২ কোটি ১০ লাখ প্ৰথম পালিৰ ভেকচিন প্ৰদান কৰা হৈছে।
  • কোভিডৰ নতুন প্ৰকাৰৰ বাবে অসমবাসীক সতৰ্ক থাকিবলৈ আহ্বান।
  • ২৯ নৱেম্বৰৰ পৰা হ'ব 'মেগা চাৰ্টিফিকেচন ড্ৰাইভ'।
  • ভোটাৰ তালিকা লৈ ঘৰে ঘৰে যাব কৰ্মচাৰী।
  • ভেকচিন গ্ৰহণ কৰিছে নে নাই সেই বিষয়ে কৰিব পৰীক্ষা।
  • ৫ ডিচেম্বৰলৈকে চলিব এই 'মেগা চাৰ্টিফিকেচন ড্ৰাইভ'।
  • NFHS-৫ত ছাৰ্ভে সন্দৰ্ভত কৰিছে মুখ্যমন্ত্ৰীয়ে মন্তব্য।
  • স্বাস্থ্যখণ্ডত চমকপ্ৰদ প্ৰদৰ্শন অসমৰ।
  • পূৰ্বতকৈ অসমত শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস।
  • সকলো ক্ষেত্ৰতে অসমৰ চমকপ্ৰদ ফলাফল।
  • NFHSৰ ছাৰ্ভে অনুসৰৰি অসমত শৌচাগাৰ ব্যৱহাৰকাৰীৰ সংখ্যা ৩৭.৭ শতাংশৰ পৰা ৯৬ শতাংশলৈ বৃদ্ধি।
  • স্কুললৈ নোযোৱা ছাত্ৰ-ছাত্ৰী ২৩ শতাংশৰ পৰা ১৯ শতাংশলৈ হ্ৰাস।
  • মই যিসময়ত স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলো সেই সময়ত ৮৪ শতাংশ শিশুৰ মৃত্যু হৈছিল।
  • NFHS-৪ ত ৮৪ শতাংশৰ পৰা ৫৬ শতাংশলৈ হ্ৰাস হৈছিল।
  • চিকিৎসাধীন অৱস্থাত মৃত্যুৰ হাৰো হ্ৰাস।
  • ২০১৫-১৬ চনত ৫৬ শতাংশৰ পৰা এতিয়া ৩১ শতাংশলৈ হ্ৰাস হৈছে।
  • দেশতকৈ অসমত জন্মতে শিশুৰ মৃত্যুৰ হাৰ যথেষ্ট কম।
  • ইমান দিনে আমি দেশৰ বাবে বোজা হৈ আছিলো, এতিয়া শিশুৰ মৃত্যুৰ ক্ষেত্ৰত আমি উন্নত হৈছো।
  • ৰাজহুৱা চিকিৎসালয়ৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাইছে।
  • ২০০৫-০৬ চনত অসমত ১৩ শতাংশ মাতৃয়ে চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিছিল।
  • ২০১৯-২০ বৰ্ষত চৰকাৰী চিকিৎসালয়লৈ অহা লোকৰ সংখ্যা ৭৪ শতাংশলৈ বৃদ্ধি পাইছে।
  • কন্যা ভ্ৰুণ হত্যাৰ হাৰ অসমত দেশৰ আন ৰাজ্যতকৈ বহু কম।
  • অসমত কন্যা ভ্ৰুণ হত্যাৰ ঘটনা শূন্য।
  • আই এ এছৰ ক্ষেত্ৰত যদি ইংৰাজীত পাৰে এ চি এছৰ ক্ষেত্ৰত কিয় নোৱাৰিব?
  • পৰৱৰ্তী বৰ্ষৰ পৰা এ পি এছ চি পৰীক্ষা অসমীয়া মাধ্যমতো হ'ব।
  • সকলো বিষয় অসমীয়াত লিখিব পাৰিব।
  • এ চি এছৰ কাৰণে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব।