/asomiyapratidin/media/media_files/2025/09/21/web-ap-zubeen-2025-09-21-00-25-10.jpg)
ডিজিটেল ডেস্কঃ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ লগতে অন্য কেবাটাও বিষয় সন্দৰ্ভত শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে এঘন্টা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী জুবিন গাৰ্গ। উক্ত বৈঠক সন্দৰ্ভত তাৎক্ষণিকভাৱে সংবাদ মাধ্যমক জনোৱা হোৱা নাছিল যদিও দিল্লীৰ অসম ভৱনত কিছু সময় পূৰ্বে সংবাদ মাধ্যমৰ আগত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
মুখ্যমন্ত্ৰীয়ে কয় যে, জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ দিল্লীৰ বিমান বন্দৰত আহি পোৱা পাছতে তেওঁক টাৰ্মিনেল ৪ ত ৰাজ্যবাসীৰ হৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিব মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘৰিটাই।শ্ৰদ্ধাঞ্জলীৰ পাছতে আনুষ্ঠানিকতা সম্পন্ন কৰি মুখ্যমন্ত্ৰীয়ে চমজি ল'ব জুবিনৰ নশ্বৰ দেহ।
তেওঁ লগতে কয়, শিল্পী গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সন্দৰ্ভত দেওবাৰে সন্ধিয়া ৬ বজাত কেবিনেট বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী গৰাকী। তাৰোপৰি জুবিন গাৰ্গক ৰাষ্ট্ৰীয় মৰ্যদা প্ৰদানৰ সন্দৰ্ভতো গৃহ মন্ত্ৰী অমিত শ্বাহৰ পৰা সন্মতি লোৱা হ'ব বুলি জনাই মুখ্যমন্ত্ৰীয়ে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ লগতে অসমৰ পৰা যিসকল লোক ছিংগাপুৰলৈ গৈছিল সেই সকলোকে তদন্তৰ আওঁতালৈ আনিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
তেওঁ লগতে উল্লেখ কৰে যে, যিহেতু গৰিমা শইকীয়া গাৰ্গে সিদ্ধাৰ্থৰ বিৰুদ্ধে দিয়া এজাহাৰ প্ৰত্যাহাৰ কৰিবলৈ ৰাইজক আহ্বান জনাইছিল, এই বিষয়ক লৈ মানৱীয়তা দিশটো চোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ ছিংগাপুৰত কৰা মৰণোত্তৰ পৰীক্ষাৰ কোনো আনুষ্ঠানিক তথ্য এই মূহূৰ্তত মুখ্যমন্ত্ৰীৰ হাতত পৰা নাই। সেয়ে জুবিনৰ নশ্বৰ দেহ জি এম চি এইছৰ চিকিৎসকেও পৰীক্ষা কৰিব।