/asomiyapratidin/media/media_files/2025/03/20/UH64w1vuhf6yoOnraalu.jpg)
ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত সুৰাৰ দোকানৰ সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তক লৈ ৰাজ্যজুৰি হোৱা প্ৰতিক্ৰিয়াৰ ফলত বিমোৰত পৰিছে ৰাজ্য চৰকাৰ। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত নিশা ২ বজালৈকে সুৰাৰ বিপনী খুলিব পাৰিব বুলি উল্লেখ কৰিছিল যদিও তেওঁ এক্স হেণ্ডেলত এই বিষয়ে স্পষ্ট কোনো কথা উল্লেখ কৰা নাছিল।
কেবিনেট বৈঠকৰ পাছত তেওঁ প্ৰথমে এক্স হেণ্ডেলত দিয়া পোষ্টত গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত সপ্তাহৰ ২৪ ঘণ্টাই সকলো ধৰণৰ বিপণী খুলিব পাৰিব বুলি জনাইছিল। তাৰোপৰি অন্যান্য অঞ্চলতো বিপণী খুলি ৰখাৰ সময় বৃদ্ধিৰ কথা উল্লেখ কৰিছিল।
Now shops can operate 24*7 in Guwahati, Dibrugarh and Silchar and with extended timings in other areas without compromising on worker rights and conveniences!
— Himanta Biswa Sarma (@himantabiswa) March 20, 2025
P.S- This decision is not applicable for liquor shops and bars.
Details 👇🏼 pic.twitter.com/dF6UND0zJN
ৰাজ্যৰ অৰ্থনীতিক নতুন গতি দিবলৈ আৰু নিয়োগ সৃষ্টিৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰিছিল ড০ শৰ্মাই। তেওঁ পোষ্টটোত তাৰোপৰি লিখিছিল পৌৰ নিগম আৰু ৰাজ্যিক ঘাইপথৰ কাষৰ ব্যৱসায়ীক প্ৰতিষ্ঠানো ২ বজা পৰ্যন্ত খুলি ৰাখিব পাৰিব বুলি জনাইছিল।
এক্স হেণ্ডলৰ পোষ্টটোত তেওঁ ২৪ ঘণ্টাই ব্যৱসায়ীক প্ৰতিষ্ঠান খুলিব পাৰিলেও সুৰাৰ বিপণীৰ ক্ষেত্ৰত এই সিদ্ধান্ত কাৰ্যকৰী নহয় বুলি উল্লেখ কৰিছিল। ইয়াৰ বিপৰীতে কিন্তু তেওঁ সংবাদ মেলত কেবিনেটে গুৱাহাটীৰ সুৰাৰ বিপণী ২ বজালৈকে খুলি ৰাখিব পাৰিব বুলি স্পষ্টকৈ উল্লেখ কৰিছিল।
এই সিদ্ধান্তৰ বিষয়ে তেওঁ সংবাদ মেলত ৰাজহুৱা কৰিছিল যদিও সেই কথা লক্ষ্যণীয় ভাৱে এক্সত ক'তো উল্লেখ কৰা নাছিল। বৰঞ্চ তেওঁ ২৪ ঘণ্টাই ব্যৱসায়ীক প্ৰতিষ্ঠান খুলি ৰাখিব পাৰিব বুলি যি সিদ্ধান্ত লোৱা হৈছে সেয়া সুৰাৰ বিপণীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলিহে উল্লেখ কৰিছিল।
In today's meeting of the #AssamCabinet we took several other important decisions
— Himanta Biswa Sarma (@himantabiswa) March 20, 2025
✅PRC for Moran community
✅Observing birth centenary of Golap Borbora
✅Renaming Goalpara Civil Hospital
✅New development block in Jonai LAC
✅Roads in tea gardens
✅Clean Mining Regime
And many… pic.twitter.com/NPykFnVohz
মুখ্যমন্ত্ৰীগৰাকীয়ে এনে কৌশলপূৰ্ণ ভাৱে এক্স হেণ্ডেলত প্ৰথমটো পোষ্ট দিয়াৰ পাছত দ্বিতীয়টো পোষ্টত কেবিনেটৰ অন্যান্য সিদ্ধান্তসমূহ স্পষ্টকৈ উল্লেখ কৰিছে। তাৰ ঠিক পাছতেই তেওঁ আকৌ এক্সত আকৌ এটা পোষ্ট কৰিছে।
এক্সৰ এই পোষ্টত সুৰাৰ বিপণী ২ বজালৈকে খুলি ৰাখিব পাৰিব বুলি তেওঁ মৌখিকভাৱে কেবিনেটৰ যি সিদ্ধান্তৰ কথা উল্লেখ কৰিছিল তাক লৈ হোৱা প্ৰতিক্ৰিয়াৰ সন্দৰ্ভত এটা স্পষ্টিকৰণ দিছে। অৱশ্যে এই পোষ্টটো সুৰাৰ বিপণী কিমান সময়লৈকে খুলিব পাৰিব সেয়া স্পষ্ট হোৱা নাই।
কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত তেওঁ বাতিল কৰিছে নেকি সেয়াও স্পষ্ট হোৱা নাই। স্পষ্টিকৰণ হিচাপে দিয়া পোষ্টটোত তেওঁ লিখিছে, ৰাজ্য চৰকাৰে দোকান আৰু প্ৰতিষ্ঠানসমূহৰ পৰিচালনাৰ সময় বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত সুৰাৰ বিপণী আৰু বাৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব।
The government has decided to extend operating hours for Shops and establishments. However this extension does not apply to liquor stores and bars. All concerned parties should note this clarification.
— Himanta Biswa Sarma (@himantabiswa) March 20, 2025
২৪ ঘণ্টাই ব্যৱসায়ীক প্ৰতিষ্ঠান খুলি ৰাখিব পৰা সিদ্ধান্ত সুৰাৰ বিপণী আৰু বাৰৰ ক্ষেত্ৰত প্ৰযোজ্য যে নহয় সেয়া পূৰ্বেও মুখ্যমন্ত্ৰীৰ ভাষ্যত স্পষ্ট হৈছিল আৰু এই এক্সৰ পোষ্টটতো স্পষ্ট হৈ আছে। কিন্তু তেওঁ স্পষ্টিকৰণ দিয়া পোষ্টটোত সুৰাৰ বিপণী ২ বজালৈকে খুলিব পাৰিবনে নাই নে পূৰ্বৰ সময়মতেই বন্ধ কৰিব লাগিব তাৰ বিষয়ে কোনো উল্লেখ নাই। অৱশ্যে তেওঁৰ এই পোষ্টৰ আঁত ধৰিয়েও পূৰ্বৰ সময় ১০ বজাতেই সুৰাৰ বিপণী বন্ধ কৰিব লাগিব বুলি এক ধাৰণা কৰা হৈছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মেলত স্পষ্টকৈ কোৱা কথা এক্সত কিয় কৌশলপূৰ্ণভাৱে উপস্থাপন কৰিছে সেয়া অৱশ্যে বোধগম্য হোৱা নাই। কিন্তু ৰাজ্যত সুৰাৰ বিপণী খুলি ৰখাৰ বৰ্ধিত সময়ক লৈ হোৱা প্ৰতিক্ৰিয়াই যে ৰাজ্য চৰকাৰক চৰম অস্বস্তিত পেলাইছে সেয়া স্পষ্ট হৈছে।