/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/himanta-biuswa-sarma-imphal-b6-4ba6-90a0-c630a7a26d02.jpg)
ডিজিটেল ডেস্কঃ মণিপুৰত বীৰেন সিং চৰকাৰক উদ্ধাৰ কৰিবলৈ ইম্ফল পালেগৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইম্ফলৰ এখন হোটেলত বাহৰ পাতি বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰক কিদৰে ৰক্ষা কৰিব পাৰি তাৰ ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত মন্ত্ৰী শৰ্মা।
১৯ জুনত অনুষ্ঠিত হোৱা ৰাজ্যসভাৰ আসনখনত বিজেপি সমৰ্থিত প্ৰাৰ্থী জয়ী হ'লেও সঘনে সলনি হৈছে ইম্ফলৰ ৰাজনৈতিক দৃশ্যপট। মাত্ৰ ২১জন বিজেপি বিধায়ক জয়ী হোৱাৰ পাছতো এনপিপি আৰু আন দলৰ সহযোগত মণিপুৰত চৰকাৰ গঠন কৰিছিল বিজেপিয়ে।
কিন্তু এনপিপিৰ বিধায়ক তথা উপমুখ্যমন্ত্ৰী সহ চাৰিজনকৈ মন্ত্ৰীয়ে বীৰেণ সিঙৰ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰাৰ পাছতে সংকটত পৰিছিল মণিপুৰৰ বিজেপি চৰকাৰ। নেডাৰ আহ্বায়ক ৰূপে হিমন্ত বিশ্ব শৰ্মাই মণিপুৰত এনপিপিৰ বিধায়কসকলক পুনৰ বিজেপি পক্ষলৈ ঘূৰাই অনাৰ বাবে লগত লৈ গৈছে মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা এনপিপিৰ মুৰব্বী কনৰাড ছাংমাক।
ইফালে, কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠনৰ বাবেও চলিছে জোৰদাৰ প্ৰস্তুতি। হিমন্ত বিশ্ব শৰ্মাই মণিপুৰৰ ৰাজনীতিত সৃষ্টি হোৱা এই সংকটৰ সমাধান কৰিব পাৰে নে নোৱাৰে সেয়া সময়ে ক'ব। কিন্তু বিজেপিৰ ভালদিনৰ সময়তে বিজেপিৰ কেইবাজনো সদস্যই মণিপুৰত নিজ দলৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰা ঘটনাই দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে।