বটদ্ৰৱা থানত নিশা উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

বটদ্ৰৱা থানত নিশা উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

author-image
asomiyapratidin
New Update
বটদ্ৰৱা থানত নিশা উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত গুৰুজনাৰ কলা-সংস্কৃতি, সাহিত্য, দৰ্শন সংৰক্ষণৰ বাবে অসম চৰকাৰে এশ অষ্টাশী কোটি টকা অনুমোদন দিয়া প্ৰকল্পৰ আধাৰশিলা অনুষ্ঠান ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব।

Advertisment

ডেৰ লক্ষাধিক ধৰ্মপ্ৰাণ লোক উপস্থিতিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এই প্ৰকল্পৰ শুভাৰম্ভণি কৰাৰ পাছত নিৰ্মাণ স্থলীত অনুষ্ঠিত হবলগীয়া এখনি ৰাজহুৱা সভাত জনতাক সম্বোধন কৰিব। এই সভাৰ সকলোবোৰ দিশ মঙলবাৰে চৰজমিন পৰিদৰ্শন কৰিবলৈ বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নিশা বটদ্ৰৱা থানত উপস্থিত হয়। এই সন্দৰ্ভত বিত্ত স্বাস্থ্য মন্ত্ৰী ড° শৰ্মাই মঙলবাৰে নিশাৰ ভাগত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতো এক আলোচনাত মিলিত হয়।