New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/cm-cm.jpg)
- শ্বিলংত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত বৈঠক।
- দুয়ো ৰাজ্যৰ সীমা সমস্যাক লৈ অনুষ্ঠিত হৈছে এই বৈঠক।
- ইয়াৰ পূৰ্বে ১৭ জুলাইত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত সীমা সমস্যাক লৈ এক অনানুষ্ঠানিক বৈঠকত মিলিত হৈছিল।
- শুক্ৰবাৰে শ্বিলংত অনুষ্ঠিত হোৱা বৈঠকৰ পাছত গুৱাহাটীত দুয়ো ৰাজ্যৰ বিষয়াৰ উপস্থিতিত আন এক বৈঠক অনুষ্ঠিত হ'ব বুলিও জানিব পৰা গৈছে।
- ইফালে ২৪ জুলাইত শ্বিলংত উপস্থিত হ'ব গৃহমন্ত্ৰী অমিত শ্বাহ।
- অমিত শ্বাহৰ উপস্থিতিত উত্তৰপূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰে অনুষ্ঠিত হ'ব এক বৈঠক।
- এই বৈঠকত উত্তৰপূবৰ ৰাজ্যসমূহৰ মাজত চলি থকা সীমা বিবাদক লৈ আলোচনা হ'ব।
- গৃহমন্ত্ৰীৰ আগমনৰ এদিন পূৰ্বে দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এইদৰে বৈঠকত মিলিত হোৱা বিষয়টো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।