/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/2509b432-a7df-4135-9a95-4721bfa5bf87/himanta.jpg)
ডিজিটেল ডেস্ক: বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । এই অনুষ্ঠানত উপস্থিত হৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ প্ৰতি আহ্বান জনাই তেওঁ কয় যে ‘অসমৰ কলা-সংস্কৃতি আজি ধাৰাবাহিক আৰু পৰিকল্পিত আক্ৰমণৰ সন্মুখীন হৈছে। পাঁচ হাজাৰ বছৰীয়া সনাতন সংস্কৃতিৰ গৰ্ভত সৃষ্ট আৰু পুৰাতন জনজাতীয় বিশ্বাস আৰু সংস্কৃতিৰ দ্বাৰা লালিত-পালিত হৈ সংবৰ্দ্ধিত হোৱা বৃহত্তৰ অসমীয়া সংস্কৃতিৰ বৰগছ জোপাত আজি অশুভ সংস্কৃতিৰ পৰিকল্পিত আক্ৰমণ আমি দেখিবলৈ পাইছো।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে পৰিবৰ্দ্ধিত কৰি থৈ যোৱা অসমীয়া সংস্কৃতিৰ লাইখুটা সত্ৰসমূহ আজি বিদেশী সংস্কৃতিৰ স্বার্থান্বেষী একাংশ লোকৰ নিৰ্ব্বচ্ছিন্ন আক্ৰমণৰ বলি হৈছে। অসমীয়াৰ বাপতি সাহোন বিহুকো আজি সেই বিশেষ চক্ৰটোৱে বিকৃত ৰূপত উপস্থাপন কৰি সাংস্কৃতিক আক্রমণ অব্যাহত ৰাখিছে বুলি কয় শৰ্মাই।
লগতে কয় যে এই দিশত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এক গধুৰ দায়িত্ব আছে। অসমৰ জাতি-জনগোষ্ঠীৰ মাজত থকা বৈচিত্র্যময় কলা-কৃষ্টিৰ প্ৰকৃত বাস্তৱ ৰূপ দাঙি ধৰি কলাক্ষেত্ৰ সমাজে সমগ্র অসমবাসী জনগণৰ মাজত সংস্কৃতি প্ৰসাৰৰ কামত নিজকে নিয়োজিত কৰিবলৈ আহ্বান জনায়।
সংস্কৃতিক এক গতিশীল সমাজ জীৱনৰ আধাৰ বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে সংস্কৃতিয়ে একোটা জাতিৰ স্বকীয় পৰিচয় গঢ় দিয়ে। সেয়েহে প্ৰতিগৰাকী ব্যক্তি নিজৰ কৃষ্টি-সংস্কৃতিৰ সৈতে সুপৰিচিত হোৱাটো জৰুৰী। কোনো এটা অঞ্চলৰ সাংস্কৃতিক উপাদানসমূহৰ অধ্যয়নে অঞ্চলটোৰ পৰম্পৰাগত জ্ঞান, চিন্তাধাৰা আৰু মূল্যবোধৰ সম্পৰ্কে স্পষ্ট আভাস দিয়ে।
নৃগোষ্ঠীয়, জনজাতীয় পৰম্পৰাগত ৰীতি নীতি আৰু অন্যান্য সম্প্ৰদায়ৰ মাজতেই অসমৰ বিচিত্ৰতা আৰু স্পন্দনশীলতা নিহিত হৈ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শর্মাই কয় যে জনজাতীয় লোকসকলৰ থলুৱা বিশ্বাস আৰু সংস্কৃতিৰ গভীৰ অধ্যয়ণ আৰু গৱেষণাৰ জৰিয়তে ইয়াৰ সংৰক্ষণৰ দিশত শক্তিশালী পদক্ষেপ ল'বলৈ ৰাজ্য চৰকাৰে খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ গঠন কৰিছে।
উল্লেখ্য যে, আজিৰ এই অনুষ্ঠানত অসম মন্ত্ৰী অতুল বৰা, বিমল বৰাৰ লগতে কেইবাগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে।