ক্ষমা খুজিলে হেমা মালিনীয়ে, 'বিহু'ক বিহাৰৰ উৎসৱ বুলি কৈছিল অভিনেত্ৰী গৰাকীয়ে...

ভুল হৈ গ’ল জনপ্ৰিয় অভিনেত্ৰী তথা সাংসদ হেমা মালিনীৰ । অৱশেষত সেই ভুল মানি ক্ষমা খুজিলে অভিনেত্ৰী গৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
ক্ষমা খুজিলে হেমা মালিনীয়ে, 'বিহু'ক বিহাৰৰ উৎসৱ বুলি কৈছিল অভিনেত্ৰী গৰাকীয়ে...

ডিজিটেল ডেস্কঃ ভুল হৈ গ’ল জনপ্ৰিয় অভিনেত্ৰী তথা ৰাজনৈতিক নেত্ৰী হেমা মালিনীৰ । অৱশেষত সেই ভুল মানি ক্ষমা খুজিলে অভিনেত্ৰী গৰাকীয়ে। বিহুৰ ওলগ জনাবলৈ গৈ পাহৰি গৈছিল বিহু কাৰ জাতীয় উৎসৱ ৷

Advertisment

সামাজিক মাধ্যমৰ যোগেদি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি বিতৰ্কত সোমাই পৰিছিল হেমা মালিনী ৷ বৃহস্পতিবাৰে ৩ ৰাজ্যৰ উৎসৱৰ প্ৰাকক্ষণত টুইটাৰ যোগেদি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছিল হেমা মালিনীয়ে ৷ সেই সমসয়তে বিহুক বিহাৰৰ বুলি কৈছিল অভিনেত্ৰী গৰাকীয়ে।

ইয়াৰ পাছতেই সমালোচনাৰ সন্মুখীন হৈছিল অভিনেত্ৰী গৰাকী। আজি পুনৰ এক টুইটযোগে ক্ষমা খোজে অভিনেত্ৰী গৰাকীয়ে। তেওঁ কয় যে, ''ভুল হৈ গ'ল! বিহুক মই বিহাৰৰ উৎসৱ বুলি কৈছিলো। আচলতে বিহু অসমৰহে জাতীয় উৎসৱ''।

এগৰাকী ৰাজনৈতিক নেত্ৰী তথা অভিনেত্ৰীৰ এনে কাণ্ডই অসমবাসীক বাৰুকৈয়ে ব্যথিত কৰিছিল। আজি সমগ্ৰ ৰাজ্যই প্ৰেৰণ কৰিছে গৰু বিহু। অসমীয়াৰ বাপতি সাহোন বিহুটি পালন কৰিবলৈ প্ৰতি গৰাকী অসমীয়াৰ গাত তৎ নাইকীয়া।

Also Read: বিহাৰবাসীক বিহুৰ ওলগ জনালে হেমা মালিনীয়ে...

bihu hema malini