শিৱ, লাভলীনাৰ পিছত হিমা দাসৰো কমনৱেলথ গেমছত অংশগ্ৰহণ নিশ্চিত হ’ল….

শিৱ, লাভলীনাৰ পিছত হিমা দাসৰো কমনৱেলথ গেমছত অংশগ্ৰহণ নিশ্চিত হ’ল….

author-image
asomiyapratidin
New Update
শিৱ, লাভলীনাৰ পিছত হিমা দাসৰো কমনৱেলথ গেমছত অংশগ্ৰহণ নিশ্চিত হ’ল….

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰতলৈ আন এক ভাল খবৰ। শিৱ থাপা, লাভলীনাৰ পিছত এইবাৰ হিমা দাসৰো কমনৱেলথ গেমছত অংশগ্ৰহণ নিশ্চিত হ'ল। প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে এথলেটিকছ ফেডাৰেচনে ঘোষণা কৰা দলত স্থান লাভ কৰিছে হিমাই।

উল্লেখ্যে যে কমনৱেলথ গেমছত ভাগ ল'বৰ বাবে এথলেটিকছ ফেডাৰচনে মুঠ ৩৭ জনীয়া এক দল ঘোষণা কৰিছে। এই দলত হিমা দাসেও স্থান লাভ কৰিছে। প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে ভাৰতীয় ৪x১০০ মিটাৰ ৰীলে দলটোৰ লগত স্থান দিয়া হৈছে হিমাক।

ফেডাৰচেন ঘোষণা কৰা এই ৰীয়ে দলটোত হিমা দাসৰ উপৰিও থাকিব ধনলক্ষ্মী., ড্যুটি চান্দ আৰু শ্ৰবানি নন্দা। ইয়াৰ উপৰিও দলটোত আছে এম ভি ছিমি এন এছ। উল্লেখ্য যে বাৰ্মিংহামত ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ'ব কমনৱেলথ গেমছ।