সোণেশ্বৰ নৰহ আৰু প্ৰনৱ দলেৰ বিৰুদ্ধে থকা গোচৰ স্থগিতকৰণৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ…

সোণেশ্বৰ নৰহ আৰু প্ৰনৱ দলেৰ বিৰুদ্ধে থকা গোচৰ স্থগিতকৰণৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ…

author-image
asomiyapratidin
New Update
সোণেশ্বৰ নৰহ আৰু প্ৰনৱ দলেৰ বিৰুদ্ধে থকা গোচৰ স্থগিতকৰণৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ…

ডিজিটেল সংবাদ, বোকাখাত : গুৱাহাটী উচ্চ ন্যায়ালয়ে কৃষক নেতা সোণেশ্বৰ নৰহ আৰু প্ৰণৱ দলেৰ বিৰুদ্ধে দেৰগাঁও আৰক্ষীয়ে ২০২০ বৰ্ষৰ ৮ ডিচেম্বৰত ৰুজু কৰা এটা গোচৰৰ তদন্ত সোমবাৰে স্থগিত কৰণৰ নিৰ্দেশ দিয়ে।

Advertisment

উল্লেখযোগ্য যে, ২০২০ বৰ্ষৰ ৮ ডিচেম্বৰত সোণেশ্বৰ নৰহ আৰু প্ৰণৱ দলেৰ নেতৃত্বত জীপাল কৃষক শ্ৰমিক সংঘ,ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ ,ব্ৰহ্মপুত্ৰ সংগ্ৰামী মঞ্চ, অনুসূচিত জাতি ছাত্র সন্থাকে ধৰি কেইবাটাও সংগঠনে বোকাখাত বিধান সভা সমষ্টিৰ ৰঙামাটিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বিজেপি চৰকাৰৰ তিনিখন কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল।প্ৰতিবাদস্থলীত দেৰগাঁও আৰক্ষীৰ সৈতে তুমুল বাক্-যুদ্ধত লিপ্ত হৈছিল প্ৰতিবাদকাৰী।

দেৰগাঁও আৰক্ষীয়ে উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ পাছতেই কৃষক নেতা সোনেশ্ব নৰহ আৰু জীপাল কৃষক শ্ৰমিক সংঘৰ উপদেষ্টা,২১ৰ বিধান সভা নিৰ্বাচনৰ ৰাইজৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰনৱ দলেৰ বিৰুদ্ধে দেৰগাঁও আৰক্ষী থানাত 267/2020 নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল।

সোমবাৰে উচ্চ ন্যায়ালয়ে উক্ত গোচৰটো স্থগিত কৰিবলৈ দেৰগাঁও আৰক্ষীক নিৰ্দেশ দিয়াৰ পাছত শ্ৰমিক নেতাদ্বয়ে উচ্চ ন্যায়ালৰ নিৰ্দেশটো দেৰগাঁও আৰক্ষী থানাত দাখিল কৰে।

এই সন্দৰ্ভত কৃষক নেতা সোনেশ্বৰ নৰহে চৰকাৰখনৰ স্বেচ্ছাছাৰী নীতিক তীব্ৰ সমালোচনা কৰাৰ লগতে বোকাখাত বিধান সভা সমষ্টিৰ বিধায়ক অতুল বৰাই আগন্তুক নিৰ্বাচনত ৰাইজৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰণৱ দলেৰ সৈতে হ'বলগীয়া প্ৰতিদণ্ডিতাৰ প্ৰতি ভীতিগ্ৰস্থ হৈ নেতা দুজনৰ ওপৰত অহৰহ ভুৱা গোচৰ জাপি দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে