ভাৰত-পাকিস্তানৰ পিছত এইবাৰ বাংলাদেশ সীমান্ততো কটকটীয়া নিৰাপত্তাব্যৱস্থা

ভাৰত-পাকিস্তানৰ পিছত এইবাৰ বাংলাদেশ সীমান্ততো কটকটীয়া নিৰাপত্তাব্যৱস্থা

author-image
asomiyapratidin
New Update
ভাৰত-পাকিস্তানৰ পিছত এইবাৰ বাংলাদেশ সীমান্ততো কটকটীয়া নিৰাপত্তাব্যৱস্থা

ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিক লৈ বাংলাদেশ সীমান্ততো সষ্টম হৈ পৰিছে বিএছএফ। মূলতঃ বাংলাদেশ সীমান্ত অতিক্ৰম কৰি কোনো সন্ত্ৰাসবাদী যাতে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি সক্ৰিয় দৃষ্টি ৰাখিছে ভাৰতীয় জোৱানে।

উল্লেখ্য যে, ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধ সদৃশ পৰিৱেশৰ পিছত বাংলাদেশ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰি সন্ত্ৰাসবাদীয়ে ভাৰত ভূমিত কুটাঘাত সৃষ্টি কৰাৰ আশংকা কৰা হৈছে। যাৰ পৰিপ্ৰেক্ষিতত পশ্চিংবংগৰ বাংলাদেশ সীমান্তত নিৰাপত্তাৰক্ষাৰ পহৰা অধিক কটকটীয়া কৰি তোলা হৈছে। ইফালে, বাংলাদেশেও সীমান্তসূহত নিৰাপত্তাৰ স্বাৰ্থত কটকটীয়া নিৰাপত্তাব্যৱস্থা গঢ়ি তোলা বুলি জানিব পৰা গৈছে।