নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মীৰাবাঈৰ ক্ষোভ!

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মীৰাবাঈৰ ক্ষোভ!

author-image
asomiyapratidin
New Update
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মীৰাবাঈৰ ক্ষোভ!

ডিজিটেল সংবাদ, চেঙাঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শিল্পীসমাজে প্ৰতিবাদ তীব্ৰতৰ কৰি তোলাৰ সময়তে অসমৰ এগৰাকী জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰীয়ে এইবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছে। যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ'ব জুবিন গাৰ্গে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৰব হৈ থকাৰ মাজতে ভ্ৰাম্যমাণ থিয়েটাৰ হেঙুলৰ "মীৰাবাঈ" খ্যাত অভিনেত্ৰী প্ৰাঞ্জনা দত্তইও বিধেয়কখনক লৈ সৰব হৈ পৰিছে বৰপেটা জিলাৰ চেঙাত।

চেঙা সভা মহোৎসৱ উপলক্ষ্যে আমন্ত্ৰিত হেঙুল থিয়েটাৰ চলি থকাৰ সময়তে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত অভিনেত্ৰী প্ৰাঞ্জনা দত্তই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি কোনো কাৰণতে এই বিধেয়ক গৃহীত হ'ব নোৱাৰে বুলি কয়। বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি আছে আৰু চলি থাকিব বুলিও অভিনেত্ৰী গৰাকীয়ে উল্লেখ কৰে।

জাতিধ্বংসী বিধেয়কখনৰ ফলত আমাৰ ভাষা-সংস্কৃতিলৈ সংকট আহিব। আনহাতে অসমীয়া ভাষাটোৱেই যদি নাথাকে আমি কিহক লৈ নাটক কৰিম গীত গাম বুলি প্ৰশ্ন তোলে অভিনেত্ৰী প্ৰাঞ্জনা দত্তই। সেয়েহে আমি শিল্পীসমাজে এই বিধেয়ক বাতিল কৰিবলৈ উঠি পৰি লাগিম বুলিও তীব্ৰ হুংকাৰ দিয়ে মীৰাবাঈ খ্যাত প্ৰাঞ্জনা দত্তই।

হেঙুল থিয়েটাৰৰ হিমাংশু প্ৰসাদ দাসৰ "মীৰাবাঈ" নাটকখনে সমাজ সংস্কাৰৰ ক্ষেত্ৰত সমাজৰ প্ৰতিটো স্তৰৰ ব্যক্তিলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। বিশেষকৈ যুৱ প্ৰজন্মক নিচাজাতীয় সামগ্ৰীৰ প্ৰতি আকৰ্ষিত কৰি ৰাখি এচাম অসাধু গোষ্ঠীয়ে জাতিধ্বংসৰ ষড়যন্ত্ৰ ৰচা আৰু নাৰীৰ একতা, দৃঢ়তা আৰু সৎ সাহসৰ এক দলিল স্বৰূপ পৰিয়ালৰ আটাইয়ে উপভোগ কৰিব পৰা "মীৰাবাঈ" এখন সুন্দৰ নাটক বুলিও উল্লেখ কৰে।