/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/6be2a56c-0a18-4fe3-83e5-ee29eea44342.jpg)
ডিজিটেল সংবাদ, মৰাণঃ "যথা ধৰ্ম তথা জয়, নিজৰ কৰ্ম নিজে কৰি যোৱা ফলাফললৈ আশা নকৰিবা" এই মহান বাক্য শাৰী আগত লৈ নিজৰ কৰ্মত আগবাঢ়ি গৈ আছে মৰাণৰ মহান কাজী শিপিনী হেম প্ৰভা চুতীয়াই। ডিব্ৰুগড় জিলা মৰাণ ফটিকাচোৱা অভয়পুৰৰ বিধবা সাজ পৰিধান কৰা শিপিনী গৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱ বিৰচিত হিন্দু ধৰ্ম মহান গ্ৰন্থ "গুণমালা" আৰু মাধৱদেৱ বিৰচিত হিন্দু ধৰ্ম মহান গ্ৰন্থ "নামঘোষা" আৰু দুভাগি মাটি তাঁতৰ শালত মুগা সূতাৰে অসমীয়া ভাষাত বৈ উলিয়াই সমগ্ৰ অসমতে জনাজাত হৈ পৰিছে। ডিব্ৰুগড় জিলা মৰাণ ফটিকাচোৱা অভয়পুৰৰ কাজী শিপিনী হেম প্ৰভা চুতীয়াই পুনৰ বৈ উলিয়ালে হিন্দু ধৰ্মৰ মহান পবিত্ৰ ধৰ্ম গ্ৰন্থ "শ্ৰীমদ্ভাগৱত গীতা" সংস্কৃত ভাষাত।
এই "শ্ৰীমদ্ভাগৱত গীতা" ভাগি ইংৰাজী ভাষাত বৈও প্ৰায় সমাপ্তি পথত আগবাঢ়িছে কাজী শিপিনী গৰাকী। তাঁতৰ পাতত বহি সৰগ ৰচা মৰাণৰ পতিহীনা হেম প্ৰভা চুতীয়া তিনিকুৰি বছৰ অতিক্ৰম কৰিলে যদিও তেওঁ কৰ্মত বয়সেও হেও মানিছে। হেম প্ৰভা চুতীয়াই বৈধব্য জীৱনৰ ঘাত-প্ৰতিঘাত নেওঁচি ২০১৩ চনৰ পৰা পুৱাই নামঘৰত ভগৱানক আৰাধনা কৰি বহে তাঁতৰ পাটত আৰু বৈ উলিয়াইছে ইখনৰ পাছত সিখনকৈ হিন্দুৰ ধৰ্মৰ পবিত্ৰ গ্ৰন্থসমূহ।
এই গৰাকীৰ মহান কাজী শিপিনীক উক্ত অমূল্য গ্ৰন্থ কেই ভাগি সংৰক্ষণ কৰিবলৈ অতি প্ৰয়োজন হৈছে এটি সংগ্ৰাহালয়। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজ মুখে শিপিনী গৰাকীক এটি মিনি সংগ্ৰহালয় দিয়া প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও অদ্যপি কোনো পদক্ষেপ গ্ৰহণ নকৰাত হতাশ হৈ পৰিছে শিপিনী গৰাকী। নৱ-প্ৰজন্ম শিক্ষিত নিবনুৱা পুৰুষ মহিলা, যুৱক-যুৱতী সকলক হস্ততাঁত শিল্পৰ জৰিয়তে স্বাৱলম্বী কৰি তুলিবলৈ আগ্ৰহী কাজী শিপিনী হেম প্ৰভা চুতীয়াই আৰ্থিক অনাতনত হাঁহাকাৰ কৰি থকা সময়তে উত্তৰ পূৰ্বাঞ্চলৰ নাৰী সংগঠন এফ আই চি চি আইয়ে শিপিনী গৰাকীক চাৰিখনকৈ উৰণীয়া তাঁতৰ শাল প্ৰদান কৰি এটি প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনত সহায় কৰে।
মৰাণৰ শিপিনী গৰাকীয়ে নিজা বাসগৃহৰ প্ৰাঙ্গনতে নিজা খৰচত এটি প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছে আৰু ২৮ জুলাইত প্ৰশিক্ষণ কেন্দ্ৰটো আনুষ্ঠানিক ভাৱে শুভ-উদ্বোধন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে এ আই চি চি আই সেচ্ছা সেৱী সংগঠনৰ বিষয় ববীয়াসকল।
মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে অনুষ্ঠানটো উপস্থিত থকা কথা আছিল যদিও বিধানসভা অধিবেশন চলা বাবে উপস্থিত থাকিব নোৱাৰিলে বুলি শিপিনী গৰাকীয়ে অৱগত কৰে। এই গৰাকী কাজী শিপিনীক এতিয়া প্ৰয়োজন চৰকাৰ আৰু দল সংগঠনৰ সহায়ৰ হাত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us