বটদ্ৰৱাৰ সৰবৰহী ব্যক্তি হেম কাকতিৰ বিয়োগ

বটদ্ৰৱাৰ সৰবৰহী ব্যক্তি হেম কাকতিৰ বিয়োগ

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ সৰবৰহী ব্যক্তি হেম কাকতিৰ বিয়োগ

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৰাইডঙীয়া বৰিগাঁও নিৱাসী হেম কাকতিৰ বৃহস্পতিবাৰে পুৱা নিজ বাসগৃহত বিয়োগ হয়। ৮৭ বছৰীয়া হেম কাকতি বিগত কিছুবছৰ ধৰি হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।

Advertisment

ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯৮ চনৰ ফেব্ৰুৱাৰীত উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰা হেম কাকতি ছাত্ৰ-ছাত্ৰী সকলৰ খুৱ প্ৰিয় আছিল আৰু অঞ্চলটোৰ সকলোৱে শ্ৰদ্ধা কৰিছিল। কাকতি ৰাইডঙীয়া জাগৰণ সাংস্কৃতিক গোষ্ঠীৰ জন্মলগ্নৰে সদস্য হোৱাৰ উপৰিও ৰাইডঙীয়া জেষ্ঠ নাগৰিক মঞ্চ, ৰাইডঙীয়া সৌৰভ শাখা সাহিত্য সভা, বৰিগাঁও পুৰনা নামঘৰৰ পৰিচালনা সমিতিৰ লগত ওতঃপ্ৰোতভাবে জড়িত হৈ সমাজ সেৱা আগবঢ়াইছিল।

আজি পুৱা তেখেতৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে বহু গুণমুগ্ধ, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু ৰাইদঙীয়া অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া, সদস্য তেখেতৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ, বোৱাৰী, জীয়ৰী, জোৱাই, নাতি-নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

Also Read: ইউ এছ টি এমৰ নৱম সংখ্যক সমাবর্তনঃ ১৬৫৫ জন স্নাতকক ডিগ্রী প্রদান