/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/borokhun-1_11zon.jpg)
ডিজিটেল ডেস্কঃ উত্তৰ পূ্বৰ ৰাজ্যসমূহৰ লগতে পশ্চিমবংগ আৰু ছিকিমৰ হিমালয় অঞ্চলত পৰৱৰ্তী ৫ দিনত প্ৰচূৰ পৰিমাণে বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই এক বিবৃতিৰ জৰিয়তে কৈছে, ১৩ আগষ্টলৈকে অসম আৰু মেঘালয়ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অহা ৪-৫ দিনৰ ভিতৰত পূব উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগত ধাৰাসাৰ বৰষুণৰ সৈতে বান পৰিস্থিতি অব্যাহত থকাৰ সম্ভাৱনা আছে।
বতৰ বিজ্ঞান কেন্দ্ৰৰ বিবৃতিত কোৱা হৈছে, বিহাৰত ১১ আৰু ১২ আগষ্টত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। উত্তৰাখণ্ডত ১৩ আৰু ১৪ আগষ্টত, হিমাচল প্ৰদেশত ১২ ৰ পৰা ১৪ আগষ্টলৈকে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰই কৈছে উত্তৰ পশ্চিম ভাৰতৰ অৱশিষ্ট সমভূমি পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, মধ্য ভাৰত মহাৰাষ্ট্ৰ আৰু গুজৰাটকে ধৰি উদদ্বীপীয় ভাৰতৰ বেছিভাগ অঞ্চলত কম বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
এইসমূহ ৰাজ্যৰ বিপৰীতে তামিলনাডুত পৰৱৰ্তী ৫ দিনত আৰু কেৰালাত পৰৱৰ্তী ২ দিনত প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।