সাৱধান, আহি আছে ব্ৰজপাত, ধুমুহাৰ সৈতে প্ৰচণ্ড বৰষুণ…

সাৱধান, আহি আছে ব্ৰজপাত, ধুমুহাৰ সৈতে প্ৰচণ্ড বৰষুণ…

author-image
asomiyapratidin
New Update
সাৱধান, আহি আছে ব্ৰজপাত, ধুমুহাৰ সৈতে প্ৰচণ্ড বৰষুণ…

ডিজিটেল ডেস্কঃ আগন্তুক দুটা দিনত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য মতে বৃহস্পতি আৰু শুকুৰবাৰে অসম, অৰুণাচল, মেঘালয়ত পাতলৰ পৰা ধাৰাসাৰ বৰষুণ আহিব পাৰে।

বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে এই সময়ছোৱাত ঠাই ভেদে ব্ৰজপাতৰ লগতে ধুমুহা অহাৰো আশংকা আছে। উল্লেখ্য যে বুধবাৰৰ দিনৰ পৰাই অসমৰ আকাশ ডাৱৰীয়া হৈ আছে। এজাক প্ৰচণ্ড বৰষুণ অহাৰ আশংকা কৰিছে সাধাৰণ জনতাই বুধবাৰৰ আকাশ প্ৰত্যক্ষ কৰি।