/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/rain-in-northeast-india1.jpg)
ডিজিটেল ডেস্কঃ চীন-তিব্বত সীমান্তত ৫০ বছৰৰ অভিলেখ ভংগ কৰিছে বৃষ্টিপাতে। বিগত কেবাদিনো ধৰি অব্যাহত থকা এনে প্ৰৱল বৃষ্টিপাতৰ ফলত ফেনে-ফুটুকাৰে ওফন্দি উঠিছে অৰুণাচলৰ মাজেৰে বৈ অহা চাংপো নৈ।
এই খবৰ লাভ কৰি অৰুণাচল চৰকাৰে ৰাজ্যখনত জাৰি কৰিছে হাই এলাৰ্ট। অসম চৰকাৰে এই পৰ্যন্ত কোনো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাতৰি পোৱা হোৱা নাই। অৱশ্যে ধেমাজি প্ৰশাসনে জিলাবাসীক হঠাৎ আহিব পৰা বান পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ সাজু হৈ থাকিবলৈ আহ্বান জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us