/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/silchar-arabi-lecturer.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ আন এগৰাকী অধ্যাপকৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন নিৰ্যাতনৰ অভিযোগ। বিশ্ববিদ্যালয়খনৰ অাৰৱী বিভাগৰ মূৰব্বী অধ্যাপক নজমূল ইছলাম বৰভূঞাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে এগৰাকী ছাত্ৰীয়ে।
বিশ্ববিদ্যালয় চৌহদৰ ভিতৰতে নিৰ্যাতনৰ অভিযোগ তুলি মূৰব্বী অধ্যাপকজনৰ বিৰুদ্ধে শিলচৰ থানাত ছাত্ৰীগৰাকীয়ে এজাহাৰো দাখিল কৰিছে। উক্ত এজাহাৰৰ ভিত্তিত শনিবাৰে শিলচৰ আৰক্ষীয়ে অধ্যাপক বৰভূঞাক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে জনোৱা মতে, ছাত্ৰীগৰাকীক প্ৰায় এবছৰ ধৰি মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল যদিও সকলো নীৰৱে সহ্য কৰি আহিছিল। কিন্তু কিছুদিন পূৰ্বে বিশ্ববিদ্যালয় চৌহদতে শাৰীৰিকভাৱে নিৰ্যাতন চলাবলৈ চেষ্টা চলোৱাৰ পিছতে আৰক্ষীৰ কাষ চাপে ছাত্ৰীগৰাকী।
উল্লেখ্য যে যোৱা জুলাই মাহতো বিশ্ববিদ্যালয়খনৰ কৃষি অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক সুদীপ্ত সৰকাৰৰ বিৰুদ্ধে এগৰাকী ছাত্ৰীয়ে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। এমাহৰ ভিতৰতে বিশ্ববিদ্যালয়খনৰ দুজনকৈ অধ্যাপকৰ বিৰুদ্ধে নিৰ্যাতনৰ এনে অভিযোগ উত্থাপিত হোৱাক লৈ সমগ্ৰ শিলচৰত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।